‘আদিপুৰুষ’ লৈ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ-
কোৰানৰ ওপৰত ভুলকৈ তথ্যচিত্ৰ নিৰ্মাণ হ’লে আজি পৰিস্থিতি ভয়ংকৰ হ’লহেতেন…

1 min read

লক্ষ্ণৌ বিচাৰপীঠে বুধবাৰে আদিপুৰুষৰ নিৰ্মাতাসকলক ভৰ্ৎসনা কৰি কয় যে ইয়াত ৰামায়ণৰ চৰিত্ৰসমূহক “অতি লজ্জাজনক ধৰণে” দেখুওৱা হৈছে।

আদিপুৰুষ ছবিখনত নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত দাখিল কৰা এক আবেদনত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় যে, ৰামায়ন, কোৰান বা বাইবেল আদিৰ ওপৰত বিবাদিত এনে ছবি কিয় নিৰ্মাণ কৰা হয় যিয়ে মানুহৰ আধ্যাত্মিক ভাৱনাত আঘাত কৰিব পাৰে।

ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক উদ্দেশ্যি কয় যে, “ধৰি লওক কোৰাণৰ ওপৰত এনে এখন চমু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। আপুনি কল্পনা কৰিব‌ পাৰিবনে যে ইয়াৰ ফলত আইন-শৃংখলাৰ কি সমস্যা আহিলহেঁতেন? কিন্তু হিন্দুসকলৰ সহনশীলতাৰ বাবেই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভয়ংকৰ ভুলৰ পাছতো পৰিস্থিতয়ে ৰুদ্ৰৰূপ ধাৰণ কৰা নাই।

ন্যায়ালয়ে কয় যে, এখন চলচ্চিত্ৰত ভগৱান শিৱক ত্ৰিশূল লৈ দৌৰি থকা দেখুওৱা হৈছিল। এতিয়া আদিপুৰুষত ৰাম আৰু অন্যান্য চৰিত্ৰসমূহক বিৰূপভাৱে প্ৰদৰ্শন কৰা হৈছে। এই সমূহ বন্ধ হ’ব নালাগে নেকি বুলি প্ৰশ্ন কৰে পীঠে।

শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে, কেনেদৰে অতি পাতলীয়াভাৱে ছবিখন নিৰ্মাণ কৰা হৈছে সেইসকলো শুনি এতিয়া ন্যায়ালয় মনে মনে থাকিব লাগিব নেকি? এনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে, চলচ্চিত্ৰ নিৰ্মাতাসকলে ধৰ্মীয় অনুভূতিক আঘাত দিব নালাগে।

You May Also Like

More From Author