কলৰ পেলনীয়া বাকলি এইদৰে ব্যৱহাৰ কৰক

1 min read

কল সকলোৰে পৰিচিত সুস্বাদু ফল৷ পুষ্টিগুণেৰে ভৰা কল খাবলৈ বেয়া পোৱা লোক হয়তো নোলাব৷ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু পটাছিয়ামৰ দৰে উপকাৰী উপাদান থকাৰ লগতে ভিটামিন ‘চি’ৰ দৰে এণ্টি অক্সিডেণ্ট থাকে৷ এই উপাদান স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু জানি আচৰিত হ’ব যে কলৰ বাকলি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷ ছাল, চুলি আৰু দাঁতৰ যতন লোৱাৰ লগতে কেতবোৰ ঘৰুৱা কামতো কলৰ বাকলি ব্যৱহাৰ কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল কি কি কামত ব্যৱহাৰ কৰিব পাৰি কলৰ বাকলি–

(১) ঘৰৰ বিভিন্ন আচবাব আৰু জোতা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ কলৰ বাকলিৰে আচবাব আৰু জোতা পৰিষ্কাৰ কৰিলে ই নতুনৰ দৰে হৈ পৰে৷

(২) আ-অলংকাৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো কলৰ বাকলি ব্যৱহাৰ কৰিব পৰা যায়৷ বিশেষকৈ ৰূপৰ অলংকাৰ কলৰ বাকলিৰে পৰিষ্কাৰ কৰিলে ইয়াৰ উজ্বলতা বাঢ়ে৷

(৩) ঘৰৰ বাগিচাখনৰ যতন লোৱাৰ ক্ষেত্ৰতো কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ বাগিচাৰ ক্ষেত্ৰত কল বাকলি সাৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ তদুপৰি বাগিচাত পখিলাক আকৰ্ষিত কৰিবলৈ কল বাকলিক উৎকৃষ্ট উপাদান বুলি কোৱা হয়৷ কলৰ বাকলিৰ পৰা হোৱা সাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে৷ ফলত বাগিচাখনৰ ফুল বা ফলৰ বিকাশ সোনকালে হয়৷

(৪) ছালৰ যতন ল’বলৈও কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি৷ কলৰ বাকলি ব্যৱহাৰ কৰিলে ছালৰ উজ্বলতা বাঢ়ে আৰু বয়সৰেখা নাইকিয়া হৈ পৰে৷ তদুপৰি চকুৰ ফুলাভাৱ কমোৱা তথা ছাল হাইড্ৰেট কৰি ৰখাৰ লগতে শালমনৰ দাগ কমোৱাত সহায় কৰে কলৰ বাকলিয়ে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে কলৰ বাকলিৰ ফেনোলিক উপাদানত থকা এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টিঅক্সিডেণ্ট বৈশিষ্ট্যই স্বাস্থ্যৰ উপকাৰ কৰে৷

(৫) চুলিৰ যতন লোৱাৰ ক্ষেত্ৰত কলৰ বাকলিক প্ৰাকৃতিক ভেষজ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্টে চুলি কোমল কৰাৰ লগতে উজ্বলতা বঢ়ায়৷

(৬) দাঁতৰ উজ্বলতা বৃদ্ধি কৰিবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে৷ দন্ত চিকিৎসকসকলৰ মতে দাঁত আৰু মাৰিত কলৰ বাকলি ঘঁহিলে উপকাৰ পোৱা যায়৷

(৭) কলৰ বাকলিত থকা এণ্টিমাইক্ৰ’বিয়াল আৰু এণ্টিঅক্সিডেণ্টৰ লগতে প্ৰদাহ বিৰোধী বৈশিষ্ট্যই দৰৱৰ কাম কৰে৷ ৰ’দ আৰু জুয়ে পোৰা দাগ আঁতৰোৱাত কলৰ বাকলি অতি কাৰ্যকৰী৷ পোক-পৰুৱাই কামুৰিলে বিষ নিৰাময়ৰ বাবেও কলৰ বাকলি ব্যৱহাৰ কৰিব পৰা যায়৷

You May Also Like

More From Author