এজমা ৰোগীয়ে এই ফল দৈনিক খাওক! ইনহেলাৰ লোৱাৰ প্ৰয়োজন নাথাকিব…

1 min read
আজিকালি এজমা বা হাঁপানীৰ ৰোগী বহুত বাঢ়িছে। এজমা ৰোগ নিৰাময় কৰিব নোৱাৰা ৰোগ যদিও কিছু সাৱধানতা অৱলম্বন কৰিলে এজমা ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। এনে পৰিস্থিতিত খাদ্যত কিছু ফল-মূল অন্তৰ্ভুক্ত কৰি এজমা নিয়ন্ত্ৰণ কৰিব পাৰি। কোনবোৰ ফল খালে আপুনি এজমা নিয়ন্ত্ৰণ কৰিব পাৰিব জানি লওক।
এজমা ৰোগীয়ে কি ফল খাব লাগে?
১) আপেলঃ যদি আপুনি এজমাৰ লক্ষণসমূহ হ্ৰাস কৰিব বিচাৰে তেন্তে আপেল আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ’ব পাৰে। কাৰণ ইয়াত ভাল পৰিমাণৰ ভিটামিন চি, ভিটামিন ই থাকে যিয়ে হাওঁফাওঁৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু এজমা নিয়ন্ত্ৰণ কৰে।
২) কমলাঃ কমলা এজমা ৰোগত অতি স্বাস্থ্যকৰ ফল। ভিটামিন চি ইয়াত প্ৰচুৰ পৰিমাণে থাকে। যদি আপুনি দৈনিক এটা কমলা সেৱন কৰে, তেন্তে এজমা নিয়ন্ত্ৰণত থাকে।
৩) ষ্ট্ৰ’বেৰীঃ যদি আপুনি এজমা ৰোগী তেন্তে ষ্ট্ৰবেৰী আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। কাৰণ ই ভিটামিন চিৰ উৎস যিয়ে হাওঁফাওঁক সুৰক্ষা দিয়ে।আনহাতে যদি আপুনি এজমা ৰোগী আৰু এজমাৰ সমস্যা দূৰ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে খাদ্য তালিকাত ষ্ট্ৰবেৰী অন্তৰ্ভুক্ত কৰক।

You May Also Like

More From Author