মাজুলীৰ অনলাইন প্ৰৱঞ্চনাৰ সৈতে নাম সাঙোৰ খোৱা বসন্ত শইকীয়াৰ সংবাদমেল, সংবাদমেলযোগে ক্ষমা খুজিলে অভিযুক্তগৰাকীয়ে
এক বৃহৎ প্ৰৱঞ্চনাৰ সৈতে নাম সাঙোৰ খাইছিল শিক্ষক বসন্ত শইকীয়াৰ ৷ লক্ষণীয় বিষয় যে, বসন্ত শইকীয়াই দুদিনৰ আগলৈকে নিজকে কানাডিয়ান চলাৰৰ সৈতে জড়িত নহয় বুলি মন্তব্য আগবঢ়াইছিল। ইয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ নামতহে এই এপত এটা একাউন্ট আছিল বুলি মন্তব্য আগবঢ়াইছিল ।
বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বসন্ত শইকীয়াই কানাডিয়ান চলাৰ এপত যোগদান কৰিবলৈ কাকো জোৰ কৰা নাছিলোঁ বুলি উল্লেখ কৰাৰ লগতে শিক্ষকগৰাকীয়ে সংবাদমেলযোগে ক্ষমা খোজে । ‘মোৰ ভুল হ’ল, মই আন দহজনৰ দৰে ইয়াত পইচা লগাইছিলোঁ’ বুলি সংবাদ মেলখনত কয় শইকীয়াই।
উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটোৰ সৈতে ইয়াৰ পূৰ্বে নাম সাঙোৰ খাইছিল মাজুলীৰ দিগন্ত হাজৰিকা নামৰ এজন যুৱকৰ ৷ মাজুলীৰ গুৱালগাঁৱত দিগন্ত হাজৰিকা নামৰ যুৱকজনে কানাডিয়ান চলাৰৰ এটা কাৰ্যালয় খুলিছিল বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে ৷ অৱশ্যে এই অভিযোগৰ পিচতেই অভিযুক্তগৰাকীয়ে মুখ খুলি হাজৰিকাই তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ নস্যাৎ কৰে ৷ কোনো লোককে এপটোত টকা বিনিয়োগ কৰিবলৈ জোৰ দিয়া হোৱা নাছিল আৰু সকলোৱে নিজ ইচ্ছাৰে টকা বিনিয়োগ কৰিছিল বুলি মন্তব্য কৰে যুৱকজনে ৷ অৱশ্যে দিগন্ত হাজৰিকা অথবা বসন্ত শইকীয়া এই এপটোৰ সৈতে জড়িত হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷