নগাঁৱৰ ম’হখুলি হাইস্কুলৰ নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্তক আদৰণী

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,৩১ মে’:– নগাঁও জিলাৰ ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিজুমী মহন্তই প্ৰধান শিক্ষয়িত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । কাহিলীপাৰাস্থিত শিক্ষা সঞ্চালক কাৰ্যালয়ৰ GB-EST/FP/11/2022/126 নম্বৰ নিৰ্দেশ মৰ্মে মিজুমী মহন্তই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপে বিদ্যালয়খনত যোগদান কৰাৰ লগে লগে বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰে । ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানৰ আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বিদ্যালয়খনত এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হয় । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত উপ সভাপতি মৃণ্ময় বৰপূজাৰীও উপস্থিত থকাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্তক ফুলাম গামোচা,কলম আদিৰে আদৰণি জনায় । বিদ্যালয়ৰ সহকাৰী শিক্ষক হেমেন মেধিয়ে আঁত ধৰা অনুষ্ঠানটোত নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰি মহন্তই কয় যে শিক্ষানুষ্ঠানখনক গতিশীল কৰাৰ ক্ষেত্ৰত সকলো শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহায়- সহযোগিতা নিতান্তই প্ৰয়োজন। উল্লেখযোগ্য যে পূৰ্বৰ প্ৰধান শিক্ষক আব্দুল কাদিৰে যোৱা ৩০এপ্ৰিলত অৱসৰ গ্ৰহণ কৰাৰ পাছত বুধবাৰে মিজুমী মহন্তই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপে দায়িত্ব গ্ৰহণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author