APDCLৰ প্ৰতি ইউনিটত ৩০ৰ পৰা ৭০পইচা বিদ্যুৎ মাচুল বৃদ্ধি

1 min read

নিউজ ব্যুৰ’,নগাঁও,২জুন:–বিদ্যুতৰ মাচুল সঘনাই বৃদ্ধি হোৱাকলৈ ৰাইজ এতিয়া হতাশাগ্ৰস্ত হৈছে । শেহতীয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আগতীয়াকৈ মাচুল পৰিশোধ কৰা (Prepaid) মিটাৰ প্ৰচলন কৰি গ্ৰাহকক চিন্তাত পেলাইছিল । ইয়াৰোপৰি APDCLএ বিগত এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড চার্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল। এতিয়া মাত্ৰ এমাহৰ পিছতেই ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত APDCLয়ে প্রতি ইউনিটত ৩০পইচাৰ পৰা ৭০ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে । এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০পইচাকৈ বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব ।
বিগত ২৭ মে’ত APDCLয়ে এক জাননী জাৰি কৰে য’ত গ্রাহকে জুনত লাভ কৰা মে’ মাহৰ বিল এই বর্ধিত মাচুলত আদায় দিব লাগিব বুলি উল্লেখ কৰা হয় । উক্ত জাননী অনুসৰি দৈনিক ০.৫ ৰ পৰা ১.৫ কিলোৱাট (KW) বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত অতিৰিক্ত ৩০পইচাকৈ আদায় দিব লাগিব। এতিয়াৰে পৰা নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত বিদ্যুৎ মাচুল ৪.৩৫ টকাকৈ দিব লাগিব । আনহাতে প্ৰতিমাহে ১২০ইউনিট আৰু ১২১–২৪০ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত অতিৰিক্ত ৩০পইচাকৈ দিব লাগিব । প্রতিমাহে ১২০ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫ টকাকৈ আৰু ১২১–২৪০ইউনিট প্ৰতিমাহে ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৭.৩০টকাকৈ আদায় দিব লাগিব । সেইদৰে ৫–৩০কিলোৱাটলৈ বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে প্রতি ইউনিটত ৭০ পইচাকৈ আদায় দিব লাগিব । চৰকাৰী প্ৰাথমিক,মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়েও প্রতি ইউনিটত ৭০পইচাকৈ বিদ্যুৎ মাচুল আদায় দিব লাগিব বুলি জাননীখনত উল্লেক কৰা হৈছে। ইয়াৰোপৰি ৩০ কিলোৱাট শক্তি ব্যৱহাৰ কৰা কৃষি,ক্ষুদ্র উদ্যোগ, বৈদ্যুতিক বাহন চার্জ দিয়া ষ্টেচন আদিয়ে প্রতি ইউনিটত ৭০ পইচাকৈ বিদ্যুৎ মাচুল আদায় দিব লাগিব। সেইদৰে ৫–৩০কিলোৱাট শক্তি ব্যৱহাৰ কৰা ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৮.১৫টকা আৰু বাণিজ্যিক গ্রাহকে ৮.৬০টকাকৈ দিব লাগিব ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author