অভি-নীল হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ,বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯জুন:–২০১৮চনৰ ৮জুন । এই দিনটোতে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মুত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুজন যুৱকক । অসংখ্য লোকৰ চকুৰ সন্মুখতে সংঘটিত হোৱা এই হত্যাকাণ্ডই যোৱা ৮জুন,বৃহস্পতিবাৰে পাঁচ বছৰ অতিক্ৰম কৰি ৯জুন, শুক্ৰবাৰে ষষ্ঠ বছৰত পদাৰ্পণ কৰিলে । এই হত্যাকাণ্ডত মৃত্যু হোৱা দুজন যুৱক হৈছে অভিজিৎ নাথ আৰু নীলোৎপল দাস । আজি পাঁচবছৰে ভুক্তভোগী পৰিয়ালৰ লোকে ন্যায়ৰ আশাতেই বন্দী হৈ থাকিবলগীয়া হৈছে । যাৰ ফলত ভুক্তভোগী পৰিয়াল দুটিৰ মাজত চৰম অসন্তোষে দেখা দিয়া পৰিলক্ষিত হৈছে । উল্লেখ্য যে সেই হত্যাকাণ্ডই সমগ্ৰ দেশতেই জোকাৰণি উঠিছিল । হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবীত কঠোৰ ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদৰ জোৱাৰ উঠিছিল । সেই সময়ৰ চৰকাৰখনেও ৰাইজৰ প্ৰতিবাদৰ প্ৰকোপত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ খৰতকীয়াকৈ কৰি প্ৰকৃত দোষীক কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিছিল । সময় বাগৰিল । এবছৰ দুবছৰকৈ পাঁচ বছৰ সম্পূৰ্ণ হ’ল । কিন্তু অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াটোৱেই আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল । জঘন্য ঘটনাটোও যেন ৰাইজৰ মানসপটৰ পৰা মঁচ খাই যোৱাৰ উপক্ৰম হ’ল । ষ্মৰ্তব্য যে অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ডকমকা আৰক্ষী থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটো ডিফু আদালতৰ পৰিবৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । সম্প্ৰতি হত্যাকাণ্ডটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলি আছে । উল্লেখ্য যে এই গোচৰটোৰ মুঠ সাক্ষী আছিল ৭১গৰাকী । ইয়াৰে ৭০গৰাকী সাক্ষীৰ সাক্ষগ্ৰহণ নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত সম্পন্ন হৈ গৈছে আৰু ১জনৰ সাক্ষগ্ৰহণ এতিয়াও বাকী আছে । অহা ১২জুলাইত এই গোচৰটোৰ পৰৱৰ্তী শুনানি আছে । ইপিনে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ডকমকা আৰক্ষীয়ে ৪৭জনকৈ অভিযক্তক গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তসকল এতিয়াও ন্যায়িক জিম্মাত নগাঁও কেন্দ্ৰীয় কাৰাগাৰতে আছে । সুদীৰ্ঘ পাঁচটা বছৰ ধৰি আইনী যুঁজ কৰিও আজি পৰ্যন্ত ন্যায় লাভ কৰিবলৈ সক্ষম নোহোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ দুৰ্ভগীয়া পিতৃদ্বয় গোপাল চন্দ্ৰ দাস আৰু অজিত নাথে আজিও ন্যায়লয়ৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছে । অৱশ্যে বিচাৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হোৱা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উৎথাপন কৰিছে । দুৰ্ভগীয়া পিতৃ অজিৎ নাথে কয় যে এটাই আশা ন্যায়পালিকাই উচিত বিচাৰ কৰিব । ন্যায়ৰ প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ আস্থা আছে । অৱশ্যে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত মনলৈ হতাশাও আহিছে । হতাশা আহিলে ও ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা আছে । যোৱাবছৰতেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি আশা কৰিছিলোঁ । আমি সোনকালেই ন্যায় বিচাৰিছিলোঁ । কিন্তু এই গতিত চলি থাকিলে সোনকালে ন্যায়ৰ আশা কৰিব নোৱাৰোঁ ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author