নগাঁৱৰ বটদ্ৰৱাৰ হাতীযুজুঁৱাত বিদ্যুৎ বিভাগৰ বিৰূদ্ধে ৰাজপথত প্ৰতিবাদ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৩জুন:–নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ হাতীযুঁজুৱা গাঁৱৰ অধিকাংশ বিদ্যুৎ গ্ৰাহকলৈ হঠাতে অহা বৃহৎ পৰিমাণৰ বিদ্যুৎ বিলৰ ধনৰাশিৰ সংখ্যা দেখি উপভোক্তা সকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । শক্তি বিভাগৰ ধিং উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ এনে আজৱ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে একাংশ গ্ৰাহক । যাৰ পৰিপেক্ষিতত মঙলবাৰে বটদ্ৰৱাৰ হাতীযুঁজুৱাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে । অঞ্চলটোৰ শতাধিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ গ্ৰাহক সমবেত হৈ ৰাজপথতে “বিদ্যুৎ বিভাগ হায় হায়”, “এপিডিচিএল হায় হায়”,”আমি কেনেকৈ চলিম” আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদী জনতাৰ অভিযোগ অনুসৰি নগাঁও জিলাৰ হাতীযুঁজুৱা গাঁৱৰ উপভোক্তাই বিগত বৰ্ষ পৰ্যন্ত ১০০-২০০টকাকৈ নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দি আহিছিল । পাছত ২০২৩ চনৰ আৰম্ভণিৰ পৰা বিল বৃদ্ধি হৈ ৪০০-৫০০ টকালৈ বৃদ্ধি হ’ল । কিন্তু মে’ মাহৰ বিলত এইসকল উপভোক্তা ১২০০ পৰা ১৩০০ টকা পৰ্যন্ত বিদ্যুৎ বিল আদায় দিবলৈ বিভাগীয় লোকে উপভোক্তা সকলৰ ঘৰে ঘৰে গৈ বিল দি অহাৰ পাছত আদায় দিবলগীয়া ধনৰ পৰিমাণ দেখি উপভোক্তাসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে । অৱশেষত উপায়ন্তৰ হৈ উপভোক্তাসকলে মংগলবাৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ কোনোমতে দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি অহা একাংশ দৰিদ্ৰ পৰিয়াললৈ মাহেকত এনে ধৰণৰ বৃহৎ পৰিমাণৰ বিদ্যুতৰ বিল অহাত বিভাগটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে সাধাৰণ ৰাইজ । বিদ্যুৎ বিভাগৰ এনে দায়িত্বহীন কাণ্ডক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰাহকসকলে অত্যাধিক বিল আদায় দিবলগীয়া হোৱা বিষয়কলৈ এক সমাধান সূত্ৰ বিচাৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author