নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ,নাট্যকাৰ তথা ভ্ৰাম্যমানৰ প্ৰথমগৰাকী স্নাতক নেত্ৰকমল বৰঠাকুৰৰ পৰলোক

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৫জুন:–নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সমীপৰ ব্ৰাহ্মণগাঁও চাৰিআলিৰ নিৱাসী চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক,অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী,ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম স্নাতক তথা সমাজকৰ্মী নেত্ৰকমল বৰঠাকুৰৰ বৃহস্পতিবাৰে পুৱা নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । পৰিয়ালৰ সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে ৰাতিপুৱা হঠাৎ অশীতিপৰ নাট্যযোদ্ধাগৰাকী অসুস্থ হৈ পৰাত পত্নীয়ে নিয়মিতভাৱে সেৱন কৰি থকা ঔষধ দিয়ে যদিও তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে ৷ সেই সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ তথা অভিনেতা অজয় বৰঠাকুৰ ঘৰত নথকাত দুই প্ৰাক্তন ছাত্ৰ পল্লৱজ্যোতি বৰা আৰু ৰাজীৱ বৰাই ততালিকে পৰিয়ালৰ সহযোগত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও অৱশেষত শেষ নিস্বাস ত্যাগ কৰে ৷ ১৯৩৫ চনৰ ৫ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শিক্ষক তথা শিল্পী বৰঠাকুৰে কুৰি শতিকাৰ পঞ্চম দশকৰ পৰাই অসমৰ নাট্য আন্দোলনৰ লগত নিজকে উৎসৰ্গিত কৰি ভ্ৰাম্যমাণ নাট্য জগতৰ বাটকটীয়া “নটৰাজ থিয়েটাৰ”ৰ প্ৰথম স্নাতক ডিগ্ৰীধাৰী হিচাপে অভিনয়ৰ লগত নিজকে জড়িত কৰি সেই সময়ত দৰ্শকৰ মৰমৰ লগতে আদৰ তথা হেঁপাহ বুটলিবলৈ সক্ষম হৈছিল । পৰৱৰ্তীসময়ত বৰঠাকুৰে অপেচাদাৰী নাট্যগোষ্ঠী “গাদী নাট্য গোষ্ঠী” প্ৰতিষ্ঠা কৰি অসমৰ বিভিন্ন স্থানত “বহ্ণিমান ব্ৰহ্মপুত্ৰ”, “বলিয়া হাতী”,”গাদী”,”চাবুক”,”ইতি শৃগালৰ কথা”,”যযাতি”আদি নাটককে ধৰি চল্লিশখন পূৰ্ণাংগ নাটক ৰচনা কৰি গণ চেতনা জাগ্ৰত কৰি সমাজলৈ যোগাত্মক বাৰ্তা দিবলৈ সক্ষম হৈছিল । আধুনিক নাটকৰ বিভিন্ন সম্পৰীক্ষা মাজেৰে বাস্তৱৰ প্ৰতিফলন ঘটাই নাট্য সাহিত্য সৃষ্টিৰ সমান্তৰালকৈ পৰিচালক হিচাপে নেত্ৰকমল বৰঠাকুৰে বহুতো অৱদান আগবঢ়াই গৈছে । সমাজৰ তথা দেশৰ নেতিবাচক বিষয়সমূহ বলিষ্ঠভাৱে প্ৰতিষ্ঠা কৰি ৰজাঘৰীয়া- প্ৰজাঘৰীয়াক যোগাত্মক চিন্তাৰে আগবাঢ়িবলৈ সকীয়নি দিবলৈ সক্ষম হোৱা হৈছিল এইগৰাকী নাট্যকাৰে ৷ তদুপৰি বৰঠাকুৰে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ নগাঁও জিলাৰ অন্যতম নেতৃস্থানীয় ব্যক্তি,শিক্ষাবিদ,বিশিষ্ট নাট্যকাৰ,পৰিচালক তথা ৰাজ্যৰ নাট্য জগতৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি,সকলোৰে মাজত “বৰঠাকুৰ চাৰ” ৰূপে সমাদৃত আছিল । নেত্ৰকমল বৰঠাকুৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ হাতীচোং মৌজাৰ লগতে সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰে ৷ তেওঁৰ নশ্বৰদেহ চকলাঘাটৰ সমীপৰ ব্ৰাহ্মণগাঁও চাৰিআলিস্থিত বাসভৱনলৈ অনাৰ পাছতে বহু সংখ্যক গুণমুগ্ধৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান,দল-সংগঠনে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ বিশিষ্ট শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাই আঁত ধৰা শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,প্ৰবীণ শিল্পী দেৱ কুমাৰ বৰা,নাট্যকাৰ গম্ভীৰ শইকীয়া, প্ৰবীণ অভিনেতা ক্ষিতেশ্বৰ বৰা,প্ৰবীণ শৰ্মা,শিল্পী কিৰণ হাজৰিকা,বিশিষ্ট তবলা বাদক কিৰণ দাস,জনপ্ৰিয় শিল্পী ৰঞ্জন বেজবৰুৱা,শিল্পী অজিত বৰা, ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰোহিনী বৰা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰা,চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকা,সম্পাদক গোবিন নাথ, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা দিপ্তী বৰা,জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰালী,নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধি,সদৌ অসম কবি সন্মিলনৰ সঞ্জীৱ সাগৰ চৌধুৰী,সাংস্কৃতিক কৰ্মী দিপাংক শইকীয়া,গায়ক কানু কন্দলিকে ধৰি বিভিন্নজন গুনমুগ্ধৰ লগতে ৰংমন গোষ্ঠী,গান্ধীজী প্ৰাথমিক বিদ্যালয়, হাতীচোং হাইস্কুল,গেদাৰবৰি শংকৰ উৎসৱ সমিতি,হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি আদি অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বৰঠাকুৰৰ বিয়োগত সাংসদ গৌৰৱ গগৈ,বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত,সম্পাদক ৰেৱত কুমাৰ হাজৰিকা,মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মা,কাৰ্যনিবাহক কন্দৰ্প কলিতা,লেখক প্ৰাঞ্জল বৰদলৈ, কবি- আবৃতিকাৰ জ্যোতিপ্ৰসাদ বৰা,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,ৰাজু সমীৰণ,বিশিষ্ট চিকিৎসক ডাঃ বিচিত্ৰ হাজৰিকা, অভিনেতা ভৱ শইকীয়া,কুইজ পৰিচালক চন্দ্ৰজিৎ দাসকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ ৮৭ বছৰীয়া বৰঠাকুৰে মৃত্যুৰ সময়ত পত্নীৰ উপৰি পুত্ৰ,কন্যাসহিতে বহু আত্মীয়- স্বজনক ইহসংসাৰত এৰি থৈ গৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author