সোমবাৰে “নগাঁৱৰ আহ্বান-নগঞা সমিধান!” অভিনৱ প্ৰতিযোগিতাৰ আয়োজন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

1 min read
নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–নগাঁও লোকসভা সমষ্টিৰ সাংসদ  প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ সাংসদ পুঁজিৰ অনুদানেৰে থলুৱা সমস্যাৰ সুদূৰ প্ৰসাৰী থলুৱা সমাধান বিচাৰি “নগাঁৱৰ আহ্বান-নগঞা সমিধান!” শীৰ্ষক এখনি সামাজিক অংশীদাৰীত্বৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । নগাঁও আৱৰ্ত ভৱন সভাকক্ষত আয়োজিত এক সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে “নগাঁৱৰ আহ্বান- নগঞা সমিধান!” ৰ ওপৰত আলোকপাত কৰি কয় যে নগাঁৱৰ থলুৱা সমস্যসমূহ নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বা নিজৰ ঠাইখনৰ সম্যক জ্ঞান থকা ব্যক্তি বা অনুষ্ঠানে থলুৱা উপলব্ধিৰে থলুৱা সমস্যাৰ থলুৱা সমিধান দিব পাৰিব। সেয়ে নগাঁও জিলা উপায়ুক্তৰ নেতৃত্বত নগাঁৱৰ আন কেইবাগৰাকী সামাজিক প্ৰতিনিধিৰে গঠিত এক সমিতিয়ে নগাঁৱৰ সমাজ জীৱনক ব্যতিব্যস্ত কৰা ভালেমান সমস্যাৰ ভিতৰত সংক্ষিপ্তভাৱে অগ্ৰাধিকাৰ ভিত্তিত সদ্যহতে মূল তিনিটা সমস্যা চিনাক্তকৰণ কৰা হৈছে । নিৰ্বাচিত কৰা বিষয় তিনিটাৰ প্ৰথমটো হৈছে–নগাঁৱত ড্ৰাগছ আসক্তিকৰণ ৰোধ,ড্ৰাগছ সৰবৰাহৰ ব্যৱস্থাপনা নিৰ্মূল আৰু সামাজিক পুনঃসংস্থাপনৰ উপায় । দ্বিতীয় বিষয়টো হৈছে–নগাঁৱৰ জলাশয় সংৰক্ষণ অথবা কলং নদীৰ স্বাভাৱিক স্ৰোত আৰু পুৰ্নজীৱিতকৰণ আদি ক্ষেত্ৰত থলুৱা উপলব্ধিৰে দিব পৰা উপায়। তৃতীয়টো বিষয়টো হৈছে–নগাঁও চহৰত জমা হোৱা জাবৰ- আৱৰ্জনা দূৰীকৰণ,নলা-নৰ্দমা যোগেদি গতিশীল জল নিষ্কাষণ অথবা শৌচাগাৰৰ চিকুণ আৰু স্বচ্ছ ৰূপৰ সামাজিক সুনিশ্চিতকৰণৰ কিবা বিশেষ উদ্ভাৱনী প্ৰস্তাৱ । উল্লেখিত বিষয় তিনিটাৰ আধাৰত থলুৱা চিন্তাৰে উদ্ভাৱন কৰা সমিধানৰ বাবে সাংসদ পুঁজিৰ পৰা তিনিটা পুৰস্কাৰ আগবঢ়োৱাৰ বিষয়ে সাংসদগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে । সেই অনুসৰি প্ৰথম পুৰস্কাৰ ১ লাখ ২৫ হেজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ১লাখ টকা আৰু তৃতীয় পুৰস্কাৰ ৭৫ হেজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব । সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জনোৱা মতে ১৯ জুন,সোমবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত “নগাঁৱৰ আহ্বান- নগঞা সমিধান” শীৰ্ষক অনুষ্ঠানটিৰ শুভাৰম্ভ হ’ব । দিনৰ ১১:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে “মাষ্টাৰ চেফ ইণ্ডিয়া” ৰ খিতাপ দখল কৰা শান্তা শৰ্মা,  “হাতীবন্ধু অসম”ৰ সঞ্চালক বিনোদ দুলু বৰা আৰু “অসমীয়া গহনা”ৰ মহিলা উদ্যোগী লখিমী বৰুৱাই অংশগ্ৰহণ কৰিব । ইপিনে সমাধান দি লিখা প্ৰপত্ৰ সমূহ ১৯ জুনৰ পৰা ১৯ আগষ্টলৈকে গ্ৰহণ কৰা হ’ব বুলি সাংসদগৰাকীয়ে জানিবলৈ দি লগতে কয় যে  প্ৰতিযোগীসকলে জিলা প্ৰশাসনৰ জৰিয়তে এই সন্দৰ্ভত যাৱতীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ।
     ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author