ওদালগুৰিত ননৈ নদীৰ বুকুত বিলীন হোৱাৰ দিশত ভূটিয়াচাং আদৰ্শ বিদ্যালয়

1 min read

ভূটানৰ পৰা নামি অহা ননৈ নদীৰ গৰাখহনীয়াই এতিয়া বিপদ মাতিছে ওদালগুৰিৰ ভূটিয়াচাং আদৰ্শ বিদ্যালয়কে ধৰি জলজীৱন মিছনৰ পানী যোগান আঁচনিৰ লগতে বহুকেইটা পৰিয়াললৈ | ইতিমধ্যে নদীত জাহ গৈছে ৫টাকৈ পৰিয়ালৰ মাটি-সম্পত্তি | নিৰৱ ভূমিকাত স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী |

নিজৰ অৱশিষ্ট ঘৰ-মাটি হেৰুওৱাৰ দুঃস্বপ্নই নিদ্ৰাহৰণ কৰিছে এখন গাৱৰ ৰাইজৰ |যোৱাতো বৰ্ষৰ প্ৰলয়ঙ্কাৰি বানৰ ফলত হোৱা ননৈ নদীৰ গৰাখহনীয়াত মাটি-বাৰীৰ লগতে নিজৰ সপোনৰ ঘৰখন হেৰুৱাব লগীয়া হৈছিল ওদালগুৰি জিলাৰ ভূটীয়াচাঙৰ প্ৰায় ৫ টাকৈ পৰিয়ালে | বাৰিষা যিমানেই চমু চাপি আহিছে সিমানেই এটি দুঃস্বপ্নই এতিয়া নৈপৰিয়া লোক সকলৰ নিদ্ৰা হৰণ কৰিছে | অঞ্চলটোৰ ৰাইজে ঠাই ডোখৰত বহু বছৰৰ পৰা এটি শৈল জালি বান্ধৰ দাবী কৰি আহিছে যদিও মন্ত্ৰী-বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই অঞ্চলটো পৰ্যবেক্ষণ কৰি বান্ধটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি গল যদিওঁ আজিলৈকে ফলপ্ৰসূ হৈ নুঠিল বান্ধটো | যোৱা বছৰতো স্থানীয় বিধায়ক তথা বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ননৈ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি কম দিনৰ ভিতৰতে শৈল জালিবান্ধ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিওঁ সেয়া অকল মূখৰ কথাতে সীমাবদ্ধ হৈ থাকিল বুলি ৰাইজে অভিযোগ কৰে | বিধায়ক গৰাকীৰ অমনোযোগিতা তথা জিলা প্ৰশাসনৰ দায়িত্ব হীনতাৰ বাবে এতিয়া নৈখনৰ ৫০ মিটাৰ দুৰত্বত থকা চৰকাৰৰ দুটাকৈ অভিলাষী আঁচনি ক্ৰমে জল জীৱন মিচনৰ অন্তৰ্গত পানী যোগান আঁচনি আৰু চাহ বাগিছা অঞ্চলত চৰকাৰে প্ৰদান কৰা কোটিটকীয়া ভূটিয়াচাং আদৰ্শ বিদ্যালয়খনো নৈত ঝাহ যোৱাৰ পথত | ইতিমধ্যে ননৈ নদীৰ পানীৰ সোঁত বৃদ্ধি পোৱাত স্থানীয় ৰাইজে নিজৰ সপোনৰ ঘৰখনক নৈৰ বুকুত এৰি দিবলৈ বাধ্য হৈ পৰিছে | নিৰৱ ভূমিকাত জনপ্ৰতিনিধি কিম্বা জিলা প্ৰশাসন l

You May Also Like

More From Author