নগাঁৱৰ মধুপুৰত ড্ৰাগছ,বাল্য বিবাহ আৰু কু সংস্কাৰৰ বিৰূদ্ধে সজাগতা ৰেলী

1 min read

 

 

নিউজ ব্যুৰ’,নগাঁও,২৪জুন:–নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাকৰঘাট গাঁও পঞ্চায়তৰ উদ্যোগত আৰু নগঞা সচেতন ৰাইজৰ সহযোগত ড্ৰাগছ,বাল্যবিবাহ আৰু কু-সংস্কাৰৰ বিৰূদ্ধে নগাঁও চহৰৰ সমীপৰ মধুপুৰ অঞ্চলত এক শনিবাৰে সজাগতামূলক ৰেলী উলিওৱা হয় । উক্ত ৰেলীত অংশগ্ৰহণ কৰা সকলোৱে হাতে-হাতে প্লে-কাৰ্ড লৈ ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক শ্ল’গান দি ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰে । মধুপুৰ প্ৰাথমিক বিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা ৰেলীত ডাকৰঘাট গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকল,গাঁওৰক্ষী বাহিনীৰ লগতে মধুপুৰ অঞ্চলৰ কেইবাখনো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে,নগাঁও চহৰৰ সমীপৱৰ্তী মধুপুৰকে ধৰি কদমতল,শিয়ালমাৰী, মৰঙ্গীয়াল আদি অঞ্চলত কিছুদিন ধৰি নিসিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে । যাৰ ফলত অঞ্চলটোৰ বহু যুৱক-যুৱতী ড্ৰাগছৰ গৰাহত পৰি নিজকে ধ্বংসৰ মুখলৈ গতি কৰিছে । আনকি বহু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছৰ কবলত পৰি শিক্ষা জীৱন আধাতে সামৰিব লগীয়াত পৰিছে । তদুপৰি ইতিমধ্যে অঞ্চলটোৰ কেইবাজনো যুৱকৰ মৃত্যু পৰ্যন্তও হৈছে । এনে নিসিদ্ধ ড্ৰাগছ বিৰুদ্ধে শনিবাৰে ৰাইজ ৰাজপথলৈ ওলাই আহি সজাগতা সৃষ্টি কৰাৰ লগতে ড্ৰাগছ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author