নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক ৰেলী….

1 min read

নগাঁও জিলাৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ উদ্যোগত তথা নগঞা সচেতন ৰাইজৰ সহযোগত মাৰাত্মক ড্ৰাগছৰ লগতে বাল্য বিবাহ আৰু কু-সংস্কাৰৰ বিৰুদ্ধে নগাঁও চহৰৰ মধুপুৰ অঞ্চলত এক সজাগতামূলক ৰেলী উলিওৱা হয় । ৰেলীত অংশগ্ৰহণকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড লৈ বিভিন্ন সজাগতামূলক শ্ল’গান দি ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা চলায় ৷ মধুপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পৰা উলিওৱা এই ৰেলীত ডাকৰঘাট গাঁও পঞ্চায়ৰ কৰ্মকৰ্তা, গাওঁৰক্ষী বাহিনী, মধুপুৰ অঞ্চলৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশ গ্ৰহণ কৰে । উল্লেখ্য যে, নগাঁও চহৰৰ সমীপবৰ্তী মধুপুৰ, কদমতল, মৰঙীয়াল, শিয়ালমাৰি আদি অঞ্চল বিগত কিছুদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে । অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে ড্ৰাগছৰ গৰাহত পৰি নিজকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। আনকি বহু স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও ড্ৰাগছৰ কবলত পৰি শিক্ষা জীৱন আধাতে সামৰিব লগীয়াত পৰিছে । ইতিমধ্যে অঞ্চলটোৰ কেইবাজনো যুৱকৰ মৃত্যু পৰ্যন্ত হৈছে । সেয়ে এনেদৰে নিষিদ্ধ ড্ৰাগছ বিৰুদ্ধে সচেতন লোকসকল ৰাজপথলৈ ওলাই আহি ৰাইজৰ মাজত ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ লগতে ড্ৰাগছ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷

You May Also Like

More From Author