কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–বানৰ পূৰ্বে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ সম্ভাব্য বান পৰিস্থিতিক লৈ এইবাৰ কাজিৰঙাৰ বন বিভাগ আৰু প্ৰশাসন অধিক সষ্টম আৰু কঠোৰ হৈছে । বানৰ সময়ত কাজিৰঙাৰ জীৱকুলৰ যাতে কোনোধৰণৰ অনিষ্ট নহয় তাৰ বাবে এতিয়াৰে পৰা সষ্টম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰশাসন ৷ সাধাৰণতে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা বিভিন্ন জীৱ-জন্তু ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে । বানৰ আগমুহূৰ্তত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰা দেখা গ’ল দুটা গঁড়ক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পথ অতিক্ৰম কৰি কাষৰীয়া হাবিত প্ৰৱেশ কৰে গঁড় দুটাই । কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী আৰক্ষী বিষয়া অলংকাৰ বৰাৰ কেমেৰাত এই দৃশ্যটো বন্দী হয় । গঁড় দুটাই এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত কথমপি ৰক্ষা পৰে পথটোৰে যাতায়ত কৰা দুখন বাহন ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে কাজিৰঙাত সম্প্ৰতি বিকল হৈ আছে বন বিভাগৰ ১৮ কোটি টকীয়া চেঞ্চৰ কেমেৰা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালধিবাৰী, কাঞ্চনজুৰি আৰু পানবাৰীৰ “এনিমেল ক’ৰিডৰ”ত বন বিভাগে স্থাপন কৰা চেঞ্চৰ কেমেৰাত যান-বাহনৰ গতি নিৰিক্ষণ ব্যৱস্থাৰ মৃতপ্ৰায় অৱস্থাৰ ফলত “এনিমেল ক’ৰিডৰ”ত বিভিন্ন সময়ত জীৱ -জন্তু আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হয় । কাজিৰঙাৰ “এনিমেল কৰিডৰ” সমূহত আচলতে যান বাহনৰ গতি ঘন্টাত সৰ্বোচ্চ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি বন বিভাগে গতি নিৰীক্ষণ কৰাৰ বাবে তিনি বছৰ পূৰ্বে প্ৰায় ১৮ কোটি টকা ব্যয় কৰি স্থাপন কৰিছিল ছটা চেঞ্চৰ কেমেৰা । কেমেৰা স্থাপনৰ পাছত কিছু নিয়ন্ত্ৰণলৈ আহিছিল যান-বাহনৰ গতিবেগ। কিন্তু স্পীড মণিটৰিং ব্যৱস্থা এতিয়া বিকল হোৱাৰ বাবে অধিক সংখ্যক যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ নোহোৱাৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে । যিহেতু বানপানী সমাগত গতিকে এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুৱে দক্ষিণ দিশত থকা কাৰ্বি পাহাৰৰ দিশে ধাৱমান হয় । ফলত বহুতো জীৱ জন্তু বাহনৰ খুন্দাত মৃত্যুমুখত পৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author