নগাঁৱৰ বঢ়মপুৰত ৬.৩৪ কোটি টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিনষ্ট

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬ জুন :– আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে নগাঁও জিলাৰ বঢ়মপুৰত জিলাখনৰ বিভিন্ন স্থানৰ পৰা জব্দকৃত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যসমূহৰ দাহন তথা বিনষ্টকৰণ কাৰ্য্যসূচী হাতত লয় নগাঁও জিলা প্ৰশাসনৰ লগতে আৰক্ষীৰ ড্ৰাগছ নিৰ্মূলকৰণ সমিতিয়ে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০২১ বৰ্ষত বঢ়মপুৰতে প্ৰায় ডেৰ লাখ কোটি টকাৰ নিচাযুক্ত দ্ৰব্যৰ দাহন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছৰেপৰা দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ থানাসমূহে অভিযান চলাই উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীসমূহ একগোট কৰি সোমবাৰে নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত,অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত এই নিচাজাতীয় দ্ৰব্যসমূহ দাহন কৰে । নিৰ্মীয়মান ঠগী সূত ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত দাহন কৰা নিচাযুক্ত দ্ৰব্য সমূহৰ ভিতৰত ২কিল’গ্ৰাম হেৰ’ইন,৩০০ গ্ৰাম গাঞ্জা, ২০১কিল’গ্ৰাম (১১৬৫ টা) কফ চিৰাপ আৰু ১৮০০ নিচাযুক্ত টেবলেট আদি । দাহন কৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য আনুমানিক ৬ কোটি ৩৪ লাখ ৬৫০ টকা হ’ব বুলি জানিব পৰা গৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author