নগাঁৱৰ চকলাঘাটত নাট্যগুৰু নেত্ৰ কমল বৰঠাকুৰৰ স্মৃতিচাৰণ সভা সম্পন্ন,জীৱনপঞ্জী উন্মোচন,ৰচনা সমগ্ৰ প্ৰকাশৰ প্ৰস্তুতি…

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬জুন :-অসমৰ নাট্যজগতৰ অন্যতম পুৰোধা ব্যক্তি,ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা প্ৰথমজন স্নাতক ডিগ্ৰীধাৰী অভিনেতা,কৃতী শিক্ষক,নাট্যকাৰ, ভ্ৰাম্যমাণ থিয়েটাৰ “শ্ৰী গুৰু”ৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰৰ আদ্যশ্ৰাদ্ধটি ৰবিবাৰে সম্পন্ন কৰা হয় । এই উপলক্ষে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চকলাঘাট ব্ৰাহ্মণগাঁৱৰ গাদী নাট্য গোষ্ঠী, চকলাঘাট শাখা সাহিত্য সভা, সোণাইপৰীয়া কবি সন্মিলন,ৰংমন গোষ্ঠী আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ সহযোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । উদিয়মান কন্ঠশিল্পী ঈশাপ্ৰিয়া শইকীয়াই পৰিবেশন কৰা বৰগীতৰে আৰম্ভ হোৱা সভাৰ আৰম্ভণিতে নাট্যযোদ্ধাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰয়াত বৰঠাকুৰৰ পত্নী মঞ্জুমণি বৰঠাকুৰ আৰু তেওঁৰ গুণমুগ্ধসকলে । ইয়াৰ পাছতে প্ৰবীণ নাট্যকাৰ গম্ভীৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত প্ৰয়াত নেত্ৰ বৰঠাকুৰৰ চমু জীৱনপঞ্জী উন্মোচন কৰি প্ৰবীণ অভিনেতা দীগেন্দ্ৰ চন্দ্ৰ বৰাই প্ৰয়াত বৰঠাকুৰৰ সৈতে তেওঁৰ অভিন্ন সম্পৰ্কৰ কথা স্মৰণ কৰি আবেগিক হৈ পৰে । বৰাই লগতে প্ৰয়াত বৰঠাকুৰে ১৯৬৩ চনত হাইস্কুলৰ শিক্ষকৰ চাকৰি এৰি অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল “নটৰাজ থিয়েটাৰ”ত যোগদানৰ সময়ৰ কথাখিনি উল্লেখ কৰে । সভাত বৰঠাকুৰৰ নিবিড় সান্নিধ্য পোৱা প্ৰবীণ শিল্পী দেৱ কুমাৰ বৰা,ৰাণা প্ৰকাশ বৰা,ক্ষিতেশ্বৰ বৰা,প্ৰমোদ শৰ্মা আৰু শিল্পী মহেশ্বৰ বৰাই ১৯৬৭ চনত নেত্ৰকমল বৰঠাকুৰৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা বিখ্যাত “গাদী নাট্যগোষ্ঠী”ৰ সোণালী দিনবোৰৰ স্মৰণ কৰে । আন এগৰাকী বক্তা বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে প্ৰয়াত নেত্ৰকমল বৰঠাকুৰ আপোচবিহীন জীৱন চৰ্চাৰে সমাজক বাট দেখুওৱাব পৰা নাট্যযোদ্ধা আছিল বুলি উল্লেখ কৰে ৷ উল্লেখ্য যোগ্য যে নাট্যযোদ্ধাগৰাকীৰ নিজা বাসভৱনত আয়োজিত স্মৃতিচাৰণ সভাখনিত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য আৰু বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাই নেত্ৰকমল বৰঠাকুৰৰ সৈতে সান্নিধ্যৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ বিশাল নাট্য প্ৰতিভাৰ ওপৰত মনোজ্ঞ বক্তব্য ৰাখে ৷ ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱা,চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক গোবিন চন্দ্ৰ নাথে আঁত ধৰা আৰু কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে উদ্দেশ্য বাখ্যা কৰা এই সভাতে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱাই প্ৰয়াত নেত্ৰকমল বৰঠাকুৰৰ গুণমুগ্ধসকলে মিলি তেওঁৰ ৰচনাসমূহ একগোট কৰি ৰচনা সমগ্ৰ এখনি প্ৰকাশৰ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে । সভাত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীণ অভিনেতা পদুম বৰা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া অজিত শৰ্মা,চকলাঘাট শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকা,গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা,অভিনেত্ৰী অঞ্জু বেজবৰুৱা, কবি-সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা,চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষা দিপ্তী বৰা,প্ৰাক্তন অধ্যক্ষ জগন্নাথ গোস্বামী,সমাজকৰ্মী অনন্ত শইকীয়া, সুলেখক শোণিত ৰঞ্জন হাজৰিকা, হাতীচোং শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য তৰুলতা বৰা,হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ সম্পাদক জ্যোতিপ্ৰসাদ বৰা,ৰংমন গোষ্ঠীৰ কাৰ্যকতা বিচিত্ৰ নাৰায়ণ বৰা, সমাজকৰ্মী পৱন বৰা,ভাৰত বৰা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰা,শিল্পী কানু কন্দলি,আলিবাট প্ৰকাশনৰ প্ৰাঞ্জল কুমাৰ মহন্ত,কুইজ পৰিচালক চন্দ্ৰজিৎ দাস,সাংস্কৃতিক কৰ্মী দিপাংক শইকীয়া,অভিনেতা ৰাজীৱ বৰা,পল্লৱ বৰা,লেখক মনোৰঞ্জন শৰ্মা,নৱজ্যোতি বৰা,প্ৰয়াত বৰঠাকুৰৰ অভিনেতা পুত্ৰ অজয় বৰঠাকুৰ,জীয়াৰী ৰণিতা বৰঠাকুৰৰ লগতে পৰিয়ালবৰ্গ আৰু বহুসংখ্যক গুণমুগ্ধ উপস্থিত থাকি প্ৰয়াত নাট্যগুৰুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় ৷ উল্লেখ যোগ্য যে নাট্যযোদ্ধা নেত্ৰকমল বৰঠাকুৰৰ যোৱা ১৫জুনত নিজা বাসভৱনত ৮৭বছৰত পৰলোকপ্ৰাপ্তি হৈছিল ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author