নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ত “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–নগাঁও  জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সোমবাৰে “এজন মানৱতাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী হিচাপে শ্ৰীমন্ত শংকৰদেৱ” বিষয়ত এলানি বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটিৰ আৰম্ভণিতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি ড° দিলীপ শৰ্মাই বন্তি প্ৰজ্জলন কৰে ৷ ইয়াৰ পাছতে সম্পাদক ত্ৰিদিপ লস্কৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সমিতিৰ সংগঠন মন্ত্ৰ পাঠ কৰে মুনিন্দ্ৰ শইকীয়াই ৷ মূল বক্তৃতাৰ শুভ উদ্বোধন কৰি দিয়া ভাষণত সভাপতি ড° দিলীপ শৰ্মাই মানৱতাবাদী দৰ্শন আৰু শংকৰদেৱৰ ৰচনাৰাজিত ইয়াৰ প্ৰতিফলন কেনেদৰে ঘটিছে ইয়াৰ ওপৰত সম্যক ব্যাখ্যা আগবঢ়ায় । শুভেচ্ছামূলক বক্তব্য ৰাখি ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক সোণাৰাম নাথে মহাপুৰুষগৰাকীৰ জীৱন জগতৰ ওপৰত ৰচিত বৰগীত এটিও পৰিৱেশন কৰি শ্ৰোতাৰ মন আপ্লুত কৰে‌ ৷ মূল বক্তা অধ্যাপক ড° বোধেন কুমাৰ শইকীয়াই মহাপুৰুষ গৰাকী মানৱতাবাদী আৰ্দশক বিভিন্ন উদাহৰণৰে অতি সৰলকৈ বৰ্ণনা কৰি তেখেত যে এগৰাকী ৰাষ্ট্ৰবাদী সমাজ সংস্কৰক আৰু সমাজ সংগঠক আছিল সেই কথা প্ৰতিপন্ন কৰি কয় যে মহাপুৰুষ গৰাকীক আমি কেৱল ৰাষ্ট্ৰ নেতাতেই আৱদ্ধ নাৰাখি তেখেতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস কৰিব লাগে ৷ সমিতিৰ উপদেষ্টা ড°তোষেশ্বৰ নাথে সভাত উপস্থিত সকলোকে শলাগ জ্ঞাপন কৰাৰ পিছতেই সমিতিৰ নিয়ম অনুসৰি সভাপতিয়ে শান্তি মন্ত্ৰেৰে সভাৰ সামৰণি ঘোষণা কৰে । ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° পিযুজ দেবনাথ,ৰঞ্জনা সিংহ,সমিতিৰ উপ সভাপতি ভীষ্ম দূৰ্ল্লভ মহন্ত, কোষাধ্যক্ষ সিদ্ধাৰ্থ শইকীয়া আদিৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

 

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author