নাজিৰা শিমলুগুৰিত আছুৰ অনশন কাৰ্যসূচী

1 min read

সমগ্ৰ অসমৰ লগতে নাজিৰা শিমলুগুৰিত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে ১০ঘণ্টীয়া অনশন কাৰ্যসূচী।
ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী। শিমলুগুৰিত পুৱা ৬ বজাৰ পৰা ৪ বজালৈ আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাখনো আঞ্চলিকৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। ইপিনে চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় আঁতৰাই ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বিৰোধীতা কৰি ইতিমধ্যে এমাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই তাৰে অংশস্বৰূপে আজি সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাৰ শিমলুগুৰিত চৰকাৰৰ এই হতকাৰী সিদ্ধান্ত ৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নামিছে সংগঠনটো আৰু অনাগত দিনত অধিক গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰিছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

You May Also Like

More From Author