নাজিৰা ন-মাটি উচ্চ মাধ্যমিক বিদ্যালয়ে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ ।

1 min read

ন-মাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান ।
দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ , বৃক্ষৰোপনৰ পিছতে ৫১ খনি পতাকা উত্তোলনৰ পাতনি মেলে প্ৰতিষ্ঠাপক প্ৰাক্তন প্ৰধান শিক্ষক ৰেজিমুদ্দিন আহমেদে ।

শ্বহীদ তৰ্পণ কৰে প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেম চন্দ্ৰ বৰগোহাঁই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় চন্দ্ৰ বৰাই । ইয়াৰ পিছতেই চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দুপৰীয়া ভাগলৈ প্ৰাক্তন ছাত্ৰ – ছাত্ৰীৰ সন্মিলন আৰু বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ দ্বাৰা সংগীতানুষ্ঠান পৰিবেশন কৰা হয়।

দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে কালিপ্ৰসাদ বৰুৱাই । শোভাযাত্ৰাত উপস্থিত থাকে ” ডেমফুল” খ্যাত বিশিষ্ট যুৱ অভিনেতা নয়ন নীলিম আৰু নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

You May Also Like

More From Author