পূব ইম্ফলত বিদ্রোহীৰে গুলীয়াগুলীত আহত হয় ৬ জনকৈ লোকৰ ।
আনহাতে এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। চেনজেম চিৰামত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কিছু সময় পূৰ্বে মণিপুৰত কংগ্ৰেছ নেতাগৰাকী উপস্থিত হৈছিল যদিও পুনৰ হিংসাই গা কৰি উঠে।
উল্লেখ্য যে, ৩ মেৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক কাৰ্যকালাপ। জাতিগত সংঘৰ্ষৰ ফলত এই পৰ্যন্ত ১০০ৰো অধিকলোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুতো।