পূৰ্ব সকলো অভিলেখ ভাঙি দোপে-দোপে উত্তৰণৰ দিশে গতি কৰিলে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে। উল্লেখ্য যে, ২০১১ চনত মুনিন বৰুৱাই নিৰ্মাণ কৰিছিল ৰামধেনু। জানিব পৰা মতে এইখনেই আছিল কোটিৰ ঘৰত ব্যৱসায় কৰা প্ৰথমখন অসমীয়া ছবি। তাৰপাচত ২০১৭ চনলৈ এটা দীঘলীয়া সময়ৰ পিচত হে পুনৰ কোটি টকাৰ ঘৰত কেইখনমান অসমীয়া ছবিয়ে ব্যৱসায় কৰিবলৈ সক্ষম হয়। এইসমূহৰ ভিতৰত অনন্য ৰবি শৰ্মা অভিনীত শ্ৰীৰঘুপতি।
জানিব পৰা মতে কোটিৰ ঘৰত ব্যৱসায় কৰা অসমীয়া ছবিসমূহ হৈছে – শ্ৰী ৰঘুপতি ১০ কোটি (২১ দিনৰ আয়, বৰ্তমানেও ছবিগৃহত চলি আছে),ৰত্নাকৰ ৯.২৩ কোটি,মিচন চাইনা ৬.০৭, ডা০ বেজবৰুৱা-২ ৫.৫ কোটি,কাঞ্চনজংঘা ৫.১২ কোটি আৰু ৰামধেনু ২.০৪ কোটি টকা ব্যৱসায় কৰি অসমীয়া ছবিজগতত এক স্থান উপনীত কৰায়।
শ্ৰীৰঘুপতিৰ কাহিনী-চিত্ৰনাট্য-সংগীত,অভিনয় আৰু আনুসংগিক দিশসমূহৰ মানদণ্ডই এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। যাৰ বাবে শ্ৰী ৰঘুপতিৰ সমান্তৰালকৈ মুক্তি পোৱা দাক্ষিণাত্য তথা বলিউডৰ ব্যয়বহুল ছবি ‘আদিপুৰুষ’ৰ লগত সমানে ফেৰ মাৰি দৰ্শকৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰীৰঘুপতিৰ সফলতাৰ মাপকাঠীডালৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ছবিৰ দৰ্শক আজিও আছে।
এই কথা শ্ৰীৰঘুপতিয়ে প্ৰমাণ কৰি দেখুৱালে। কাহিনীৰ বিষয়বস্তু,উপস্থাপন,অভিনয় শৈলী,চৰিত্ৰ নিৰ্বাচন,আৱাহ সংগীত ইত্যাদি বিভিন্ন উপাদানৰ সঠিক ব্যৱহাৰে ছবিখনক শিখৰলৈ লৈ যাব পাৰি।