টীয়কত কড়ক চাহৰ বিপনী আৰম্ভ ।

1 min read

 

টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩

টীয়কবাসীৰ বাবে সুখবৰ।কালিৰ পৰা টীয়কত আৰম্ভ হৈছে কড়ক চাহ নামৰ এখন চাহৰ অত্যাধিক দোকান।হয় যি সময়ত চাকৰি বিচাৰি একাংশ যুৱকে বৰ্হি ৰাজ্যত হাবাথুৰি খাই ফুৰিছে বা অসম চৰকাৰেও বহু শিক্ষত নিবনুৱাক চাকৰি প্ৰদান কৰিছে তাৰ মাজতে যোৰহাটৰ লুৰুকীহাটৰ যুৱক ধ্ৰুৱজ্যোতি দত্তই টীয়ক নগৰৰ মাজমজিয়াত চাহ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বীতাৰ সপোণ দেখিছে।উল্লেখযোগ্য যে ভাৰতৰ জনপ্ৰিয় চাহৰ ব্ৰেণ্ড কড়ক চাহৰ এই ষ্টলত বিভন্ন প্ৰকাৰৰ সুস্বাদু চাহ উপলব্ধ আছে বুলি জানিবলৈ দিছে যুৱকজনে লগতে অতি সুন্দৰভাৱে মাটিৰ পাত্ৰ তথা সম্পূৰ্ণ জৈৱিক সামগ্ৰী ব্যৱস্থাৰে গ্ৰাহকক চাহ যোগানৰ ব্যৱস্থা কৰিছে।সেয়ে এই ষ্টললৈ সমূহ ৰাইজক নিমন্ত্ৰণ জনাই অসমীয়া যুৱকেও যে ব্যৱসায় কৰিব জানে তাৰ বাবে সহাৰি জনাবলৈ আহ্বান জনাইছে ধ্ৰুৱজ্যোতিয়ে।ইপিনে আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত টীয়কৰ বহুসংখ্যক গণ্য মান্য ব্যক্তিৰ উপস্থিতিত টীয়ক আৰক্ষী থানাৰ উপপৰিদৰ্শক দিপাংকৰ দলে ফিটা কাটি বিপনীখনৰ উদ্বোধন কৰে।

You May Also Like

More From Author