অতীতৰ পৰাই মানৱ জাতিটোৰ বিশ্বাস অনুযায়ী সমাজৰ মংগলৰ হকে কৰি অহা বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাই যেন এতিয়াওঁ একে আছে | ভাৰতবৰ্ষৰ উড়িয়া সম্প্ৰদায়ৰ লোক সকলে অতীতৰ পৰাই তেওঁলোকৰ দেৱী শ্ৰী শ্ৰী চিতলা দেৱীক পূজা-আৰাধনা কৰি আহিছে | অসমত বসবাস কৰা বৃহত্তৰ উড়িয়া জনগোষ্ঠীয় লোকসকলেওঁ এই পূজা প্ৰত্যক বছৰে জেঠ’ মাহত পালন কৰি আহিছে বুলি জানিবলৈ দিয়ে | ওদালগুৰিৰ জিলাৰ হাতীগড়ত ১৯৫০ চনৰ পৰাই হাতীগড় উড়িয়া সমাজে শ্ৰী শ্ৰী চিতলা পূজা বা গ্ৰাম পূজা আয়োজন কৰি আহিছে | এই পূজাৰ মূলত শ্ৰী শ্ৰী চিতলা দেৱীক আৰাধনা,পূজা-অৰ্চনা কৰাৰ লগতে যিখন গাঁৱত এই পূজা আয়োজন কৰা হয়, সেইখন গাওঁৰ চাৰিওদিশে দেৱীৰ প্ৰতিধ্বনি লগত লৈ, লগতে মহিলা সকলে মূৰত কুলশী লৈ পদযাত্ৰা কৰে | হাতীগড় শ্ৰী শ্ৰী চিতলা মন্দিৰৰ পৰা ওলোৱা এই পদযাত্ৰা হাতীগড় চাহ বাগিচাৰ লাইন সমূহত পদযাত্ৰা কৰে | সমাজৰ অমংগল, অশান্তি নাশৰ বাবে লগতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত যাতে ভাতৃত্ববোধ গঢ়ি উঠে, সকলোৰে মংগল হয়, সেই উদ্দেশ্যেৰে এই পূজা কৰা হয় বুলি উদ্যোক্তা সমাজে জানিবলৈ দিয়ে | ইয়াৰ লগতে এই পূজাত উড়িয়া সমাজৰ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি নিজৰ পৰম্পৰা প্ৰতিফলিত কৰা দেখিবলৈ পোৱা গল | প্ৰায় ৫০০ৰো অধিক উড়িয়া সমাজৰ ভক্তপ্ৰাণ লোকৰ সমাগম ঘটে এই অনুষ্ঠানত | ইয়াৰোপৰি এই পূজাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতি দেৱ |
ওদালগুৰিৰ হাতীগড়ত উড়িয়া সমাজৰ গ্ৰাম পূজা অনুষ্ঠিত
Posted on by GTM Desk
1 min read