ওদালগুৰিত ৩৩ বছৰীয়া মাজুলি শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰৰ ভূমি পূজন

1 min read

ধৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস থকা সকলে বুজে প্ৰকৃতাৰ্থত মঠ-মন্দিৰৰ গুৰুত্ব | ১৯৯০ চনতে ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাত তেতিয়াৰ মাজুলি চাহ বাগিচাৰ পৰিচালক মঞ্চল আগৰৱালা আৰু অৰ্জুন হাৰিয়াৰ প্ৰচেষ্টাত শিৱ ভক্ত সকলৰ বাবে মাজুলিত এটা শিৱ মন্দিৰৰ প্ৰতিষ্ঠা কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল | সময় বাগৰাৰ লগে লগে শিৱ মন্দিৰ চাৰিওকাষ জৰাজীৰ্ণ হ’ৱলৈ ধৰিলে | এইবেলি ৰাইজৰ অনেক প্ৰচেষ্টা তথা অন্যান্য লোকৰ সহায় সহযোগিতাৰ ফলত ৩৩ বছৰীয়া শিৱ মন্দিৰটো নতুনকৈ পকীকৰণ কৰাৰ বাবে কাম আৰম্ভ কৰিলে | আজি পুৰণি মন্দিৰটোৰ পৰা শিৱ লিংগক অন্য ঠাইত অস্থায়ী ভাৱে প্ৰতিস্থা কৰাৰ লগতে ১৫ লাখ টকাৰে কাম আৰম্ভ হোৱা নৱনিৰ্মিত শিৱ মন্দিৰটোৰ ভূমি পূজন হিন্দু সনাতনী ধৰ্মৰ ৰীতি-নীতিৰে কৰা হয় | উক্ত কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতি, বিশিষ্ট সমাজকৰ্মী বিকন ডেকা, ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ বিষয়ববীয়াৰ উপৰিও স্থানীয় লোক সকল | নৱনিৰ্মিত শিৱ মন্দিৰৰ বাবে যুৱ প্ৰজন্মই যিদৰে দিনে-ৰাতি একাকাৰ কৰি সহায়-সহযোগীতা আগবঢ়াই আছে এয়া আমাৰ সমাজৰ বাবে শুভলক্ষণ বুলি মন্তব্য আগবঢ়াই বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতিয়ে | আনহাতে পূৰণি মন্দিৰটোৰ নৱনিৰ্মিত গৃহৰ কামৰ বাবে আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াবলৈ সকলো ধৰ্মপ্ৰাণ লোকক বিশেষ ভাৱে আহ্বান জনায় বিশিষ্ট সমাজ সেৱক বিকন ডেকাই |

You May Also Like

More From Author