৩ ঘন্টাতকৈ অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে…

1 min read

চায়েন্টিফিক জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে দিনটোত ৩ ঘণ্টাৰো অধিক সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে কিশোৰ-কিশোৰীসকলৰ কঁকালৰ বিষ বা দুৰ্বল সমস্যা সৃষ্টি হ’ব পাৰে। ক’ভিড-১৯ মহামাৰীৰ লগে লগে ডিজিটেলৰ ব্যাপক পৰিৱৰ্তনে সকলোকে স্মাৰ্টফোন, কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে বা অন্য সঁজুলিৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে। স্কুল বা অফিচৰ কামত স্মাৰ্ট ডিভাইচৰ ব্যৱহাৰৰ ওপৰত অত্যন্ত মনোনিৱেশ কৰা হয়। যাৰ বেয়া প্ৰভাৱ আমাৰ চকুৰ সন্মুখত।স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত বহুতো ৰোগ হোৱাৰ সম্ভাৱনা। কঁকালৰ বিষকে ধৰি নানা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা-

ব্ৰাজিলৰ গৱেষকৰ এটা দলে স্বাস্থ্যৰ বাবে কেইবাটাও বিপদজনক কাৰক চিনাক্ত কৰিছে, য’ত পেটত বহি বা শুই থকা আৰু প্ৰতিদিনে তিনি ঘণ্টাৰো অধিক সময় স্মাৰ্টফোন, কম্পিউটাৰ ব্যৱহাৰ কৰিলে কিশোৰ-কিশোৰীসকলৰ কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা।

কঁকালৰ বিষত আক্ৰান্ত শিশু আৰু কিশোৰ-কিশোৰীসকল অধিক বহি থকা, শৈক্ষিক দিশত বেয়া প্ৰদৰ্শন কৰা আৰু মানসিক-সামাজিক সমস্যা বেছি।

You May Also Like

More From Author