জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনক গোসাঁইগাঁও উকীল সন্থাৰ পৰা আজীৱনকাললৈ বহিস্কাৰ।অধিবক্তাগাৰাকীয়ে বিগত বহু বছৰ ধৰি অঞ্চলটোত বিভিন্ন অনৈতিক কাৰ্য্যত লিপ্তৰ অভিযোগক কেন্দ্ৰ কৰি সংস্থাটোৰ কাৰ্যালয়ত সকলো সদস্যৰ উপস্থিতত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ সিদ্ধান্ত অনুসৰি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰে জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনক আজীৱন কাললৈ গোসাঁইগাঁও উকীল সন্থাৰ পৰা বহিস্কাৰ কৰা হয়। উল্লেখ যে মকবুলৰ দ্বাৰা সংঘটিত এনে অনৈতিক কাৰ্যকলাপৰ অভিযোগৰ বিৰুদ্ধে ইতিপূৰ্বে আৰক্ষীৰ লগতে গোসাঁইগাঁও উকীল সন্থাই বহুবাৰ সতৰ্ক কৰিছিল। কিন্ত নিজ চৰিত্ৰ সলনি কৰাৰ পৰিবর্তে 25 July তাৰিখে পৰিয়াল তথা সন্তানৰ মায়া এৰি এজনী স্থানীয় নাবালিকাৰ গৃহত সোমাই পুনৰ লটি ঘটি কৰা অৱস্থাত গাঁওবাসীয়ে উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। আনক ন্যায় প্ৰদান কৰা অধিবক্তা মকবুল হুছেইন আজি নিজেই ন্যায় বিচাৰি হাবাথুৰি খাইছে। সহায়ৰ হাত বঢ়াবলৈ কাষত নাই নিজ পৰিয়ালৰো কোনো সদস্যবৃন্দ।
জ্যোষ্ঠ অধিবক্তা মকবুল হুছেইনৰ অনৈতিক কাৰ্যৰ ওপৰত গোসাঁইগাঁও উকীল সন্থাৰ কঠোৰ সিদ্ধান্ত
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025