মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে বিপদ মাতিব পাৰে

1 min read

প্ৰযুক্তিৰ বাবে এতিয়া বিশ্বখন সকলোৰে হাতৰ মুঠিত৷ হাতে হাতে থকা ম’বাইল ফোনটোৱে প্ৰতি মুহূৰ্ততে বিশ্বৰ প্ৰতিটো খবৰ দিয়ে সকলোকে৷ ম’বাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱন যাত্ৰাক সহজ আৰু আৰামদায়ক কৰি তুলিছে৷ পিছে, ম’বাইল ফোনৰ ব্যৱহাৰে আমাক যিদৰে সুফল আনি দিছে, ইয়াৰ বিপৰীতে কিন্তু প্ৰযুক্তিৰ এইবিধ উপাদানৰ অত্যধিক ব্যৱহাৰে মানুহক বিপদৰ মুখলৈও ঠেলি দিছে৷ কিয়নো ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰে মানৱ দেহত নেতিবাচক প্ৰভাৱ পেলায়৷ সৃষ্টি কৰে মাৰাত্মক প্ৰতিক্ৰিয়াৰ৷

শেহতীয়া গৱেষণা মতে সপ্তাহত ত্ৰিশ মিনিটতকৈ অধিক সময় ম’বাইল ফোনত কথা পাতিলে উচ্ছ ৰক্তচাপ ১২ শতাংশ বৃদ্ধিৰ সম্ভাৱনা থাকে৷ সমীক্ষাটোত এইটোও দেখা গৈছে যে সমগ্ৰ বিশ্বৰ দহ বছৰতকৈ বেছি বয়স হোৱা সকলৰ এক-তৃতীয়াংশই ম’বাইল ফোন ব্যৱহাৰ কৰে৷ ম’বাইল ফোনৰ পৰা এক ধৰণৰ ৰেডিঅ’ ফ্ৰিকুৱেঞ্চি এনাৰ্জি নিৰ্গত হয়৷ ইয়াৰ ফলত দেহত ৰক্তচাপ বৃদ্ধি পায়৷ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা বাঢ়ে৷

উল্লেখ্য যে ম’বাইল ফোন ব্যৱহাৰৰ ফলত দেহত কি কি প্ৰতিক্ৰিয়া হ’ব পাৰে তাক লৈও এটা সমীক্ষা চলোৱা হয়৷ এই সমীক্ষাত ৩৭ বছৰৰ পৰা ৭৩ বছৰৰ ভিতৰৰ দুই লাখ বাৰ হাজাৰ চিয়াল্লিছজন লোকক সামৰি লোৱা হয়৷

সমীক্ষাটোত এই লোকসকলে কিমান দিনৰ পৰা ম’বাইল ফোন ব্যৱহাৰ কৰি আহিছে, সপ্তাহত কিমান ঘণ্টা ফোনত কথা পাতে, ফোনত বাৰ্তা লাভৰ সময়ত হেণ্ড্‌ছ ফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰে নেকি এই সকলোবোৰ পৃথকভাৱে পৰীক্ষা কৰা হয়৷ ইয়াৰ ফলত দেখা গৈছে যে প্ৰতি সপ্তাহত যিসকলে ত্ৰিশ মিনিট বা তাতকৈ বেছি সময় ম’বাইল ফোনত কথা পাতে তেওঁলোকৰ বাৰ শতাংশৰ মাজত উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিছে৷ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই ফল পোৱা গৈছে৷

যিসকলে সপ্তাহত চাৰি ঘণ্টাৰ পৰা ছঘণ্টা ফোনত কথা পাতে তেওঁলোকৰ পঁচিশ শতাংশই উচ্ছ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা অধিক পোৱা গৈছে৷ অৱশ্যে হেণ্ড্‌ছ ফ্ৰী বা স্পীকাৰ ব্যৱহাৰ কৰি ফোনত কথা পাতিলে কি ফল পোৱা যায় সেই বিষয়ে সমীক্ষাটোত উল্লেখ কৰা নাই৷

You May Also Like

More From Author