চুলি সৰা আৰু পাতল চুলিৰ সমস্যাত ভুগি আছে নেকি? যদি ভুগিছে তেন্তে…

1 min read

বৰ্তমান দিনত প্ৰায়ভাগ লোকেই চুলি সৰা সমস্যাত ভুগি আছে। ইয়াৰ এটা কাৰণ হ’ব পাৰে বৰ্ধিত প্ৰদূষণ, দৈনন্দিন জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। ইয়াৰ বাবে মানুহৰ চুলি নিস্তেজ আৰু নিষ্প্ৰাণ হৈ পৰে। নাৰিকল তেলে আপোনাক এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে লগতে সেইবোৰে চুলি স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি তোলে। আহক জানি লও নাৰিকল তেলত কি মহলি কৰি মূৰত লগালে চুলি সাৰা আৰু পাতল চুলিৰ সমস্যা আঁতৰ হ’ব।

চুলি সৰা নাইকিয়া কৰিবলৈ এই বস্তুবোৰ নাৰিকল তেলত মিহলি কৰক

১. জবা ফুল (Hibiscus)
জবা ফুল তাৰ ঔষধি গুণৰ বাবে জনাজাত। ই আপোনাৰ চুলি শক্তিশালী কৰে আৰু উজ্জ্বল কৰি তোলে। আহক জানো ইয়াক কিদৰে নাৰিকল তেলৰ সৈতে মিহলি কৰিব লাগে। প্ৰথমে এই ফুলটোৰ পৰা পাহিবোৰ পৃথক কৰি লওক, ইয়াৰ পিছত ইয়াক পানীৰে ভালদৰে ধুই লওক আৰু ৰ’দত কঠিন নোহোৱালৈকে শুকোৱাওক। তাৰ পিছত সেইবোৰ ভালদৰে গুৰি কৰক আৰু নাৰিকল তেলৰ সৈতে মিহলি কৰক। তাৰ পিছত ইয়াক ভালদৰে গৰম কৰক যেতিয়ালৈকে ই তেলত সম্পূৰ্ণৰূপে মিহলি নহয়। তাৰ পিছত তেলখিনি ঠাণ্ডা হোৱালৈকে অপেক্ষা কৰক। তাৰ পিছত ইয়াক এটা কাঁচৰ বটলত ভৰাই থওক। সপ্তাহত ৪ বাৰ ইয়াক ভালদৰে চুলিত মালিচ কৰক। ই পকা চুলি প্ৰাকৃতিকভাবে ক’লা কৰাটোও উপযোগী হ’ব পাৰে।

২. নৰসিংহ পাত (Curry Leaves)
চুলিৰ বাবে নৰসিংহ পাত অত্যন্ত উপকাৰী। চুলি পাতল (Thinning Hair) হোৱাটো এতিয়া এটা সাধাৰণ সমস্যা হৈ পৰিছে। এই পাতবোৰে আপোনাৰ চুলি পাতল হোৱাত বাধা দিয়ে কিয়নো ইয়াত এণ্টিঅক্সিডেণ্ট আৰু এমিনো এচিড প্ৰচুৰ পৰিমানত পোৱা যায়। ইয়াৰ দ্বাৰা চুলিবোৰ শিপাৰ পৰা শক্তিশালী হৈ উঠে। কেৱল এয়াই নহয়, ইয়াত বিটা-কেৰোটিন আৰু প্ৰ’টিনও পোৱা যায়, যি চুলিৰ বিকাশো ভাল কৰে। আহক জানো ইয়াক তেলৰ সৈতে কেনেদৰে মিহলি কৰিব লাগে। নৰিসংহ পাতবোৰ পানীৰে ভালদৰে ধুই ৰ’দত শুকুৱাওক। তাৰ পিছত ইয়াক নাৰিকল তেলৰ সৈতে ভালদৰে মিহলি কৰক আৰু ইয়াক ভালদৰে গৰম কৰক। এতিয়া ঠাণ্ডা হোৱাৰ পিছতে ইয়াক এটা কাঁচৰ বটলত ভৰাই থৈ দিয়ক। যদি আপুনি ইয়াক সপ্তাহত ৩ বাৰ প্ৰয়োগ কৰে, তেন্তে আপুনি বিচৰা ফলাফলে লাভ কৰিব।

You May Also Like

More From Author