বিশ্বনাথৰ জপৌবাৰীৰ চহিদ মাংৰী ওৰাং মৈদানত আনলা ফেকচন গ্ৰুপ আৰু বিৰছা বিটি গ্ৰুপৰ ফ্লেগ ডাউন কাৰ্যসূচী

0 min read

উত্তৰ পূৰ্বাঞ্চলৰ শান্তি আৰু সমৃদ্ধি অটুট ৰখাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি লক্ষ্য তাক বাস্তবায়িত কৰাৰ প্ৰয়াস হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত উপস্থিতিত ১১৮২ গৰাকী আদিবাসী উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল পথলৈ উভতি আহে৷এই আদিবাসী উগ্ৰপন্থী সংগঠনৰ বিশ্বনাথ জিলাৰ সদৌ অসম ৰাষ্ট্ৰীয় মুক্তিবাহিনী চমুকৈ আনলা (ভগ্নাংশ গোট) আৰু বিৰছা কামাণ্ডু বিটি গ্ৰুপৰ ফ্লেগ ডাউন কৰা হয় ৷ দুয়ো অস্ত্ৰ সম্বৰণ কৰা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বাদল টুডু টিৰকু টুডু আৰু সদৌ অসম কামাণ্ডেণ্ট ৰমেন ওৰাং আৰু আনলা গ্ৰুপৰ বলোৰাম মুৰাৰীৰ নিৰ্দেশ মৰ্মে দুয়ো সংগঠনে যথৌ ভাবে ফ্লেগ ডাউন কৰে ৷ফ্লেগ ডাউন কাৰ্যসূচীৰ লগতেে জাতিৰ হকে প্ৰাণ আহুতি দিয়া বীৰ বীৰংগনা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷বন্তি প্ৰজ্জ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি বীৰ বীৰংগনাসকলক স্মৰণ কৰে৷উক্ত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে আদিবাসী টাইগাৰ খ্যাত ৰাজেন ওৰাং উপস্থিত থাৰি বক্তব্য আগবঢ়াই৷উক্ত অনুষ্ঠানত আনলা আৰু বিৰছা বিটি গ্ৰুপৰ সকলো সদস্য উপস্থিতিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷

বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author