“মোক অসমৰ ৰাইজে নিৰাপত্তা দিব”- আলফাক প্ৰত্যুত্তৰ ডিজিপিৰ

1 min read

এনকাউণ্টাৰক লৈ আলফা (স্বাধীন)ই দিয়া শেষ সকীয়নিৰ কঠোৰ প্ৰত্যুত্তৰ দিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সংবাদ মাধ্যমৰ আগত আলফাৰ সকীয়নি সন্দৰ্ভত স্পষ্ট মত প্রকাশ কৰি অসম আৰক্ষীৰ শীর্ষ বিষয়াজনে কয় যে তেওঁৰ বাবে এনে ধৰণৰ ভাবুকি বা সকীয়নি কোনো ধৰণৰ নতুন বিষয় নহয়। ইয়াত কোনো নতুনত্ব নাই। দীঘলীয়া চাকৰি জীৱনত বিভিন্ন উগ্রপন্থী সংগঠনৰ পৰা তেওঁ এনে ধৰণৰ ভাবুকি নিয়মীয়াভাৱে পাই আহিছে।

উল্লেখ্য যে ডিব্ৰুগড় জিলাত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছতে আলফাই সকীয়নি দিয়ে আৰক্ষী সঞ্চালক প্রধানজনক। আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে আলফা (স্বাধীন)ৰ নাম ব্যৱহাৰ কৰা বুলি নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠনটোৱে অভিযোগ কৰে। ইয়াৰ পিছত সোমবাৰে আলফাৰ ‘শেষ সকীয়নি’ৰ প্ৰত্যুত্বৰ দি আৰক্ষী সঞ্চালক প্রধান সিঙে কয়—বিগত ১৫/২০ বছৰে মোৰ চাকৰি কালত বিভিন্ন উগ্রপন্থী সংগঠনৰ পৰা এনেকোৱা ভাবুকি নিয়মীয়াভাৱে পাই আহিছো। কেৱল অসমতে নহয়, অন্য ৰাজ্যতো কাম কৰাৰ সময়ত বিভিন্ন উগ্রপন্থী সংগঠনৰ পৰা ভাবুকি পাইছো। এনেকোৱা ভাবুকিৰ কোনো ধৰণৰ নতুনত্ব নাই মোৰ কাৰণে । চৰকাৰে আমাক দৰমহা দি আছে কিবা এটা কাম কৰিবলৈ। আমি সেই মতে কাম কৰি আছো ৷ মোক কোনো অতিৰিক্ত নিৰাপত্তা নালাগে। মোক অসমৰ মানুহে নিৰাপত্তা দিব। আইন প্ৰদত্ত ক্ষমতাহে আৰক্ষীয়ে ব্যৱহাৰ কৰিছে।

উল্লেখ্য যে ভুৱা এনকাউন্টাৰ পৰিত্যাগ কৰক, নহ’লে অসম এৰি গুছি যাওক।— দেওবাৰে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙক এইদৰে সকীয়াই দিছিল আলফা স্বাধীনে।

You May Also Like

More From Author