DGP জি পি সিঙে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ সমগ্ৰ ঘটনাক্ৰম…

 

এটা দুটা নহয়, একেলগে তিনিটাকৈ হত্যাকাণ্ডৰ লোমহৰ্ষক ঘটনাই মন–মগজু জোকাৰি গৈছে প্ৰতিজন লোকৰ।

নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী, শাহু আৰু শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ আত্মসমৰ্পণ কৰে থানাত। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া পাৰিবাৰিক কন্দলৰ পৰিণতি বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অ‍ব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰ মাজতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে এই সমগ্ৰ ঘটনাক্ৰম।

সংঘমিত্ৰা আৰু নাজিবুৰৰ সম্পৰ্কৰ আৰম্ভণিৰ পৰা বিভিন্ন ঘটনাক্ৰম আৰু শেষত এই নৃশংসতাৰ সবিশেষ ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

উল্লেখযোগ্য যে সোমবাৰে নাজিবুৰ ৰহমান বৰাই পত্নী সংঘমিত্ৰা ঘোষ, শহুৰেক সঞ্জীৱ ঘোষ আৰু শাহুৱেক জুনু ঘোষক নৃশংসভাৱে হত্যা কৰে। তাৰ পিছত নিজৰ ৯ মহীয়া সন্তানক কোলাত লৈ থানাত আত্মসমৰ্পণ কৰে নাজিবুৰে। সংবাদ মাধ্যমৰ আগত সংঘমিত্ৰাৰ ভগ্নী অংকিতায়ো উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ছচিয়েল মিডিয়াত উল্লেখ কৰা অনুসৰি, ২০২০ চনৰ জুন মাহত, যেতিয়া কোভিডৰ বাবে লকডাউন চলি আছিল, সেই সময়তে ফেচবুকত সংঘমিত্ৰা আৰু নাজিবুৰৰ সাক্ষাৎ হৈছিল। লাহে লাহে দুয়োৰে মাজত চলিছিল প্ৰেমৰ সম্পৰ্ক। তেতিয়া নাজিবুৰ গোলাঘাটত আছিল।

২০২০ চনৰ অক্টোবৰত দুয়ো কলকাতালৈ পলাই যায়। সংঘমিত্ৰাৰ পৰিয়ালৰ ফালৰ পৰা এই সন্দৰ্ভত গোলাঘাট থানাত 680/2020 নম্বৰৰ এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে সংঘমিত্ৰাক কলকাতাৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁলোকে কলকাতাতে আইনী বিবাহ সম্পন্ন কৰিছিল।

You May Also Like

More From Author