সিংহত স্থান সলনি মংগলৰ! এই চাৰি ৰাশিৰ উজলিব ভাগ্য..

1 min read

কালৰ নিয়মত স্থান পৰিৱৰ্তন কৰে গ্ৰহ–নক্ষত্ৰই। ভাৰতীয় জ্যোতিষশাস্ত্ৰই সেই স্থানান্তৰক বিশেষ গুৰুত্বপূৰ্ণ বুলি কয়। বিশ্বাস কৰা হয়, এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰে পৃথিৱীৰ মানুহৰ ওপৰত। সেই অনুসৰি, জুলাই মাহটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। কাৰণ এই মাহত মংগলসহ একাধিক গ্ৰহৰ স্থান সলনি হ’ব।

মেষ : মংগলৰ স্থান সলনিৰ ফলত এই ৰাশিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। অৰ্থ আৰু কৰ্মজীৱনত উন্নতি, ব্যক্তিগত জীৱনত সন্তুষ্টি আহিব। কিন্তু অপ্ৰত্যাশিত লাভ হ’লেও সম্পদ সৃষ্টিত বাধাৰ সৃষ্টি হ’ব পাৰে। আয়ৰ লগতে ব্যয় বৃদ্ধিৰ আশংকাও আছে। সঞ্চয়ত সমস্যা হ’ব পাৰে।

সিংহ : সিংহ ৰাশিত মংগলৰ গোচৰ ঘটিব। ফলত এই ৰাশিৰ জাতক–জাতিকাসকলে অধিক শক্তি লাভ কৰিব। পাৰিবাৰিক উন্নতিত মন দিব লাগিব। নতুন সম্পদ বা আৰ্থিক লাভৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতক–জাতিকাৰ। ভাল চাকৰি, আনকি বিদেশত লাভজনক কামৰ আশাও কৰিব পাৰে। ব্যৱসায়ত লাভ বাঢ়িব। স্বাস্থ্য ভালে থাকিব।

বৃশ্চিক : মংগলৰ স্থান সলনিৰ ফলত বৃশ্চিক ৰাশিৰ লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰে। জাতক–জাতিকাসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব। চৰকাৰী বা বেচৰকাৰী ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ পদোন্নতি, বেতন বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভ বৃদ্ধি হ’ব পাৰে। সম্পদ সংৰক্ষণ বা সঞ্চয় কৰাৰ সুযোগ পাব।

কুম্ভ : সিংহ ৰাশিত মংগলৰ গোচৰৰ ফলত কুম্ভ ৰাশিৰ জাতক–জাতিকাসকলে যিকোনো কামত ভাল ফল পাব। দূৰ যাত্ৰাৰ মাধ্যমেৰে সফলতা লাভৰ সুযোগ পাব। পেছাগত দিশত অগ্ৰগতি হ’ব। পদোন্নতিৰ মাজেৰে উচ্চপদ লাভৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে। বিদেশত লাভজনক সুযোগ পাব পাৰে।

(অস্বীকাৰ: এই লেখাটো জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, কেৱল ইণ্টাৰনেটত উপলব্ধ তথ্য। Guwahati Times-এ ইয়াক পৰীক্ষা কৰা নাই। ইয়াক একেবাৰে সত্য বুলি কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাই।)

You May Also Like

More From Author