নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–কাজিৰঙাৰ মাজেৰে পাৰ হওতে এতিয়াৰ পৰা সাৱধান হওঁক । আপোনাৰ বাহনখন ঘণ্টাত ৪০ কিল’মিটাৰতকৈ অধিক বেগেৰে গ’লেই আপোনালৈ যাব ই- চালান ৷ কিয়নো কাজিৰঙাত পুনৰ সক্ৰিয় কৰা হ’ল চেঞ্চৰ কেমেৰা । বিগত প্ৰায় তিনিমাহ ধৰি বিকল হৈ থকা চেঞ্চৰ কেমেৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিল Guwahati Timesত । বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ ৬ টাকৈ “এনিমেল ক’ৰিডৰ”ত সংস্থাপন কৰা হৈছিল অত্যাধুনিক চেঞ্চৰ কেমেৰা । প্ৰায় ১৮ কোটি টকা ব্যয়েৰে অপটিকেল কেমেৰা,থাৰ্মল কেমেৰা,স্পীড চেঞ্চৰ,স্পীড ৰিডাৰকে আদি কৰি ২১বিধ বিভিন্ন সামগ্ৰী । প্ৰতিটো ক’ৰিডৰতে সংস্থাপন কৰাৰ বাবে ২০১৮ চনত দায়িত্ব দিয়া হৈছিল হায়দৰাবাদৰ Dithilogic নামৰ এটা কোম্পানীক । নগাঁৱৰ কলিয়াবৰৰ ৰাঙলুৰ পৰা গোলাঘাটৰ বোকাখাতৰ বৰজুৰিৰ মাজত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্পৰ্শকাতৰ ৬টাকৈ “এনিমেল ক’ৰিডৰ”ত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কিল’মিটাৰ নিৰীক্ষণ কৰাৰ অৰ্থে এই কেমেৰাসমূহ সংস্থাপন কৰা হৈছিল । চেঞ্চৰ কেমেৰাসমূহ Automatic Number Plate Recognizing (ANPR) হোৱাৰ বাবে গাড়ীৰ নাম্বাৰপ্লেট চিনাক্ত কৰি পৰিবহণ বিভাগৰ জৰিয়তে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । যাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙাত বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল গাড়ীৰ গতিবেগ । কেৱল ইমানেই নহয় “এনিমেল ক’ৰিডৰ”ত সংঘটিত হোৱা যিকোনো গতিবিধি,দৃশ্য বন্দী হৈছিল এইসমূহ কেমেৰাত । হায়দৰাবাদৰ কোম্পানীটোক চোৱাচিতা তথা মেৰামতিৰ বাবদ দিবলগীয়া বছেৰেকীয়া ধন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মোকোলাই নিদিয়াৰ বাবে প্ৰায় তিনিমাহ বিকল হৈ পৰি আছিল চেঞ্চৰ কোমেৰাসমূহ । বানপানী সমাগত গতিকে এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ-জন্তুৱে দক্ষিণ দিশত থকা কাৰ্বি পাহাৰৰ দিশে ধাৱমান হয় । ফলত বহুতো জীৱ-জন্তু বাহনৰ খুন্দাত মৃত্যুমুখত পৰে । বৰ্তমান পুনৰ কেমেৰাসমূহ সক্ৰিয় হোৱাত বন্যপ্ৰাণীৰ জীৱন সুৰক্ষিত হ’ব বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও