বিহালীৰ বেদেতীগুৰিৰ তিনি শিশুৰ কৰুণ গাথাঁ

1 min read

টিংৰে বেৰা দিয়া এটা ভঙা প্ৰজা ৷ ভঙা ঘৰটোত বাস কৰে তিনিটাকৈ শিশুৱে ৷ ঘৰখনৰ ভিতৰলৈ সোমাই গ’লে দেখা পোৱা যায় দৰিদ্ৰতাৰ ছবিখন ৷ এটা কোঠাতে খোৱা,শোৱা, পঢ়া সকলো কৰে তিনিওৱে ৷  মাতৃৰ বিয়োগৰ পিছতে  পিতৃও গ’লৈ অৰুণাছলৈ কামৰ সন্ধানত ৷ তেতিয়াৰে পৰা ঘৰখনত অকলশৰে থাকে তিনিওটা শিশু ৷ মাজে সময়ে পিতৃ ঘৰলৈ আহে যদিও ১৪ বছৰীয়া সুমন  মণ্ডলে ঘৰখনৰ অভিভাৱক হিচাবে মুৰপাতি লৈছে সকলো দায়িত্ব ৷ নিজে পঢ়া বাদ দি আনৰ ঘৰত কাম কৰি নিজৰ দুই কনিষ্ঠ ভাতৃক পঢ়াইছে সুমনে ৷ ভায়েক সঞ্জয় মণ্ডল পঞ্চম শ্ৰেনী আৰু অঞ্জন মণ্ডল চতুৰ্থ শ্ৰেনীৰ ছাত্ৰ ৷ দৰিদ্ৰতাৰ সৈতে সহবাস কৰা  বিহালীৰ বেদেতীগুৰীৰ এই তিনিওটা শিশুক আজিলৈকে ঢ়ুকি পোৱা নাই কোনো চৰকাৰী আচনিয়ে ৷স্থানীয় ৰাইজে কৱ বিচাৰে দৰিদ্ৰতাৰ বাবেই শিশু তিনিটাৰ মাকে চাৰিবছৰ মান পূৰ্বে আত্মহত্যা কৰিছিল ৷  মাজে সময়ে  হৃদয়বান  লোকে পঢ়া শুনা কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াই যদিও সেইয়া নহয় পৰ্যাপ্ত মেধাবী শিশু তিনিটাৰ বাবে। সেয়েহে চৰকাৰৰ সুদৃষ্টিৰ বাবে এতিয়া অপেক্ষাৰত দুৰ্ভগীয়া সুমন, সঞ্জয় আৰু অঞ্জনৰ ৷


বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author