যুৱতীক অশ্লীল মেছেজ কৰি ৰাইজৰ ৰোষত পৰিল আৰক্ষী বিষয়া; ৰাজপথতে আঁঠু কাঢ়ি খুজিলে ক্ষমা

1 min read

তেজপুৰত জনতাৰ ৰোষত পৰিল এজন আৰক্ষী বিষয়া৷ হোৱাটছ এপত এগৰাকী যুৱতীক অশ্লীল মেছেজ প্ৰেৰণৰ অভিযোগত ৰাজপথতে ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল আৰক্ষী বিষয়াগৰাকী৷ উল্লেখ্য যে তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ আৰক্ষী বিষয়াজনে তেজপুৰৰ বৰুৱাচুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে পৰিচিত এগৰাকী যুৱতীলৈ প্ৰেৰণ কৰিছিল আপত্তিজনক বাৰ্তা৷ আৰক্ষী বিষয়াজনে যুৱতীগৰাকীক আপত্তিজনক আলোকচিত্ৰ বিচাৰি দিয়া বাৰ্তাৰ বিষয়ে যুৱতীগৰাকীয়ে প্ৰথমে পৰিয়ালক অৱগত কৰাৰ পিছত গাওঁবাসীৰ দৃষ্টিগোচৰ হয় বিষয়টো৷ এই ঘটনাৰ পিছতে কৰ্তব্যৰ মাজতে ঘৰলৈ যোৱা আৰক্ষী বিষয়াজনক বৰুৱাচুবুৰীৰ গাওঁবাসীৰ ৰোষত পৰে৷ পাছত আৰক্ষী বিষয়াজনে নিজৰ খাকী পোছাক পৰিধান কৰিয়েই ৰাইজক সন্মুখত আঁঠু কাঢ়ি হাতযোৰ কৰি ক্ষমা খোজে আৰু ভৱিষ্যতে তেনে কাম নকৰাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে৷ পাছত ঘটনাস্থলীৰ পৰা তেজপুৰ আৰক্ষীৰ দলে তেওঁক উদ্ধাৰ কৰি সদৰ আৰক্ষী থানালৈ লৈ আহে৷

You May Also Like

More From Author