ধনৰ অভাৱত হিন্দু যুৱকক বহি:ৰাজ্যত দিয়া হ’ল কবৰ..

1 min read

চাকৰিৰ আশাত বহি:ৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনী..

যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা মিঞা খেদাৰ বিষয়ক লৈ বিতৰ্ক হৈছে সেই সময়তেই এজন অসমীয়া হিন্দু যুৱকৰ মৃতদেহ বহিঃ ৰাজ্যত ইছলামধৰ্মীয় পৰম্পৰাৰে দিয়া হ’ল কবৰ। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ননৈ পানীগাঁওৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ এই কাহিনীয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে সকলোকে। ননৈ পানীগাঁওৰ পোনা বৰাৰ একমাত্ৰ পুত্ৰ জোনা ৰাম বৰাই বহিঃ ৰাজ্যত এটা কোম্পানীৰ চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি কোনো মতে নিজৰ বৃদ্ধ পিতৃৰ লগতে পৰিয়ালটোক পোহপাল দিছিল। পিছে দুৰ্ভাগ্যই যেন লগ এৰা নিদিয়ে দৰিদ্ৰৰ। বিগত ১৭ জুলাইত ঘৰৰ পৰা পুনৰ নিজৰ কৰ্মস্থান হাইদৰাবাদলৈ যোৱাৰ সময়ত বিশাখাপট্টনমত হঠাৎ ৰেলৰ পৰা পৰি মৃত্যুক সাৱটি লয় জোনা ৰাম বৰাই। বিশাখাপট্টনমৰ আৰক্ষীয়ে পৰিয়ালটোৰ লগত যোগাযোগ কৰি জোনা ৰাম বৰাৰ মৃত্যুৰ খবৰ দিয়ে। সন্তানৰ মৃতদেহটো বিশাখাপট্টনমৰ পৰা আনিবলৈ ধনৰ অভাৱ হোৱাৰ বাবে চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছিল যদিও কোনো ধৰণৰ সহায় নাপালে। অৱশেষত একমাত্ৰ পুত্ৰ জোনা ৰাম বৰাৰ মৃতদেহক ইছলাম ধৰ্মালম্বীৰ দৰে কবৰ দিবলৈ বাধ্য হ’ল পিতৃ পোনাৰাম। বিগত ২৫ বছৰৰ পূৰ্বেই পোনা বৰাই লাভ কৰিছিল এটা চৰকাৰী গৃহ। অসম চৰকাৰৰ কোনো ধৰণৰ চৰকাৰী আঁচনীয়ে আজিলৈকে ঢুকি পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোক। উলেখ্য যে ৫ মাহৰ পূৰ্বে মৃত জোনা ৰাম বৰাৰ মাতৃৰ মৃত্যু হৈছিল আৰু পিতৃ হাপানী ৰোগত আক্ৰান্ত। একমাত্ৰ উপাৰ্জন কাৰী পুত্ৰৰ মৃত্যুৰ পাছত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে দুৰ্ভগীয়া পোনা বৰাৰ পৰিয়ালৰ। হিতাধিকাৰী সৃষ্টিৰে সংবাদ মাধ্যমত চমক দিয়া বৰ্তমানৰ চৰকাৰৰ দিনত সংঘটিত এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে চৰকাৰী আঁচনিয়ে এতিয়াও অসমত দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা নাই।

You May Also Like

More From Author