মঙলদৈত মুকলিকৈ গুলী ফুটাই বন্দুক চালনাৰ প্ৰশিক্ষণ দিছে বজৰং দলে

1 min read

ৰাজ্যত আইনৰ শাসনক নস্যাৎ কৰি বজৰং দলৰ নেতৃত্বত মুকলিভাৱে চলিছে অস্ত্র চালনাৰ প্রশিক্ষণ। মঙলদৈত দলটোৱে অনুষ্ঠিত কৰা চাৰিদিনীয়া প্রাদেশিক প্রশিক্ষণ শিবিৰৰ নামত সদস্যসকলক মুকলিভাৱে গুলীচালনা কৰিবলৈ দিয়া কাৰ্যই অঞ্চলটোৰ লগতে ৰাজ্যখনতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেৱল সেয়াই নহয়, শিবিৰত অংশগ্ৰহণ কৰি বজৰং দলৰ ৰাষ্ট্ৰীয় সভাপতি মনোজ কুমাৰ সিঙে দিয়া উত্তেজনাপূর্ণ সাম্প্ৰদায়িক ভাষণেও ৰাজ্যত আইনৰ শাসন থকা-নথকাৰ বিষয়ে ৰাইজক ভাবিবলৈ বাধ্য কৰিছে। ভাষণ প্ৰসংগত তেওঁ আনকি মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় যে এইখন চৰকাৰে লাভ জেহাদবিৰোধী আইন প্ৰণয়ন কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু এতিয়া ৰহস্যজনকভাৱে থমকি ৰৈছে। ডিচেম্বৰ মাহৰ ভিতৰত আইনখন প্ৰণয়নৰ ব্যৱস্থা নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

উল্লেখযোগ্য মঙলদৈৰ মহর্ষি বিদ্যামন্দিৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত বজৰং দলৰ প্ৰশিক্ষণ শিবিৰৰ কালি দেওবাৰে সামৰণি পৰে। ৰাজ্যৰ ২৮ খন জিলাত ৪ শতাধিক যুৱকে হাতে হাতে তৰোৱাল, ধনু-কাঁড়, পিষ্টল, বন্দুক লৈ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ গ্রহণ কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে প্ৰশিক্ষণৰ নামত সদস্যসকলক মুকলিভাৱে গুলীচালনা কৰিবলৈ দিয়া হয়। ইয়াৰ সমৰ্থনত তেওঁলোকে কয় যে লাভ জেহাদকে ধৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবৰ বাবে হিন্দু যুৱকসকলক এনেদৰে গুলীচালনা কৰিবলৈ দিয়া হৈছে। সেয়া হ’লেও সংগঠনটোৱে এনেদৰে মুকলিভাৱে গুলীচালনা কৰিবলৈ প্রয়োজনীয় অনুমতি পালেনে নাই, যদি পালে সেয়া কেনেদৰে পালে সেই লৈ বিষয়টোকলৈ প্রশ্ন উত্থাপন হৈছে।

You May Also Like

More From Author