মহাৰাষ্ট্ৰৰ বুলঢানাৰ সিন্ধখেড়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা ঘটে। বাছখনত বহু লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এতিয়ালৈকে ২৬ জনৰ মৃত্যু হৈছে। বাছখনত যাত্ৰী আছিল প্ৰায় ৩২ জন। আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসা চলি আছে।
এই দুৰ্ঘটনা বুলঢানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱেত সংঘটিত হৈছে। বাছত ঘটা অগ্নিকাণ্ডৰ ফলত বহু লোকৰ মৃত্যু ঘটাৰ সম্ভাৱনা আছে।
বুলঢানাৰ উপ আৰক্ষী অধীক্ষক বাবুৰাও মহামুনীয়ে জানিবলৈ দিয়া মতে বুলঢানাৰ সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছৱে’ত ৩২ জন যাত্ৰী কঢ়িয়াই অনা বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়। আহতসকলক বুলঢানা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বুলঢানাৰ আৰক্ষী অধীক্ষক সুনীল কড়াসেনে কয় যে যোৱা নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ সময়ত বাছখনত ৩২ জন যাত্ৰী আছিল, ইয়াৰে ২৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৮জন লোক।
তেওঁ লগতে কয় যে বাছখনৰ টায়াৰ ফাটি যোৱাৰ ফলত বাছখন বাগৰি পৰে আৰু তাৰ পিছত বাছখনত অগ্নিকাণ্ড সংঘটিত হয়।