প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু!

1 min read
এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। উত্তৰাখণ্ডত এখন গাড়ী ভূমিস্খলনৰ ফলত খুন্দা খাই গংগাত ডুব যোৱাৰ ফলত কমেও তিনিজন লোক নিহত হৈছে । আনহাতে, ১৯৮২ চনৰ পৰা জুলাই মাহত দিল্লীত এটা দিনত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড কৰা হৈছে । লগতে বৰষুণে ৰাষ্ট্ৰীয় ৰাজধানীকো অচল কৰি পেলাইছে।
উল্লেখ্য যে জম্মু-কাশ্মীৰত শনিবাৰে সন্ধিয়া পুঞ্চ জিলাত আকস্মিক বানপানীত উটি গৈ দুজন সেনা জোৱানৰ মৃত্যু হয় । ৰাজস্থানৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত শনিবাৰে পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । চিত্তোৰগড়ত বজ্ৰপাতৰ ফলত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। আনহাতে, সৱাই মাধোপুৰত দুটা পৃথক ঘটনাত দুজন পুৰুষ পানীত ডুব যায়।
ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, পঞ্জাব আৰু জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । আইএমডিয়ে কয় যে উত্তৰ ভাৰতৰ ওপৰত এক পশ্চিমী বতাহে বিৰাজ কৰাৰ ফলত শনিবাৰ আৰু দেওবাৰে তীব্ৰ বৰষুণ হয়।
আইএমডিয়ে ৯ জুলাইৰ দুপৰীয়া ১ বজাৰ বুলেটিনত কয়, “হিমাচল, উত্তৰাখণ্ড আৰু পঞ্জাব আৰু হাৰিয়ানাৰ কাষৰীয়া অঞ্চলত দেওবাৰে ধাৰাসাৰ বৰষুণ হয় । উত্তৰ-পশ্চিম ভাৰতত পৰৱৰ্তী ৫ দিনত পশ্চিম হিমালয় অঞ্চল, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত পাতল/মধ্যমীয়াৰ পৰা তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়ৰ কাষৰীয়া জিলাবোৰতো ছেগাচোৰোকাকৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ১০-১৩ জুলাইলৈকে উত্তৰ প্ৰদেশত প্ৰচুৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।”

You May Also Like

More From Author