“চন্দ্ৰযান-৩” উৎক্ষেপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO

1 min read

অহা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান-৩।

চন্দ্ৰযান-২ ৰ তুলনাত এইবাৰ মহাকাশযান খনত সন্নিৱিষ্ট কৰা হৈছে অধিক পৰিমাণৰ ইন্ধন, কেইবাটাও বিফল-নিৰাপদ ব্যৱস্থা (fail-safe measures) আৰু বহল অৱতৰণৰ স্থান। “চন্দ্ৰযান-৩” ৰ সফল অৱতৰণেৰে ভাৰতক চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা পৃথিৱীৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰাবলৈ ইছৰো এইবাৰ বদ্ধপৰিকৰ।ইয়াৰপূৰ্বে চন্দ্ৰপৃষ্ঠত মহাকাশযানৰ সফল অৱতৰণ কৰা তিনিখন দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন।

ইছৰোৰ তথ্য অনুসৰি শুক্ৰবাৰে উৎক্ষেপনৰ প্ৰায় এমাহৰ পাছত “চন্দ্ৰযান-৩” মহাকাশযান খনে চন্দ্ৰৰ কক্ষপথত উপনীত হ’ব। ‘বিক্ৰম’ নামৰ লেণ্ডাৰ আৰু ‘প্ৰজ্ঞান’ নামৰ ৰভাৰখন অহা ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

এই মহাকাশযানখন শ্ৰীহৰিকোটাত অৱস্থিত ভাৰতীয় মহাকাশবন্দৰ (spaceport) সতীষ ধৱন স্পেছচেন্টাৰ চমুকৈ SDSC SHAR ৰ পৰা LVM3 ৰকেটেৰে উৎক্ষেপন কৰা হ’ব। ইছৰোৰ তথ্য অনুসৰি প্ৰপালচন মডিউলে লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞানক ১০০ কিলোমিটাৰ চন্দ্ৰৰ কক্ষপথলৈ লৈ যাব, য’ত লেণ্ডাৰখন পৃথক হৈ সফল অৱতৰণৰ চেষ্টা কৰিব।

এই প্ৰপালচন মডিউলে স্পেক্ট্ৰ- পলাৰিমেট্ৰি অৱ হেবিটেৱল প্লেনেট আৰ্থ(SHAPE) নামৰ এক পেলোডো কঢ়িয়াই নিব, যিয়ে চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ বৰ্ণালীগত আৰু মেৰুমেট্ৰিতক জোখ-মাখ অধ্যয়ন কৰিব।

You May Also Like

More From Author