সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ

0 min read

আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ। ছ’চিয়েল মিডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে। অতি ব্যয়বহুল এই ফ’নটো কিনিবলৈ মহিলাগৰাকীয়ে বিক্ৰী কৰি দিলে তেওঁৰ আঠমহীয়া পুত্ৰ সন্তানক। খবৰ অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয়। দুবেলা দুমুঠি খাই জীয়াই থকা এই পৰিয়ালটোৰ ঘৰত ওচৰ চুবুৰীয়াই ইমান দামী ফ’নটো দেখি আচৰিত হৈ উঠিছিল। একে সময়তে, সেই মহিলাগৰাকীয়ে ৰীল বনাবলৈ বহু ঠাইলৈ ভ্ৰমণ কৰাও সকলোৰে দৃষ্টিগোচৰ হৈছিল।যাৰ বাবে ওচৰ চুবুৰীয়াৰ তেওঁলোকৰ প্ৰতি সন্দেহ উপজে।এই দম্পতীহালৰ পুত্ৰকো ঘৰত নেদেখি যেতিয়া চুবুৰীয়াসকলে তেওঁলোক দুয়োকে শিশুটোৰ বিষয়ে সুধিছিল, তেওঁলোকে একো উত্তৰ দিয়া নাছিল। পিছত চুবুৰীয়াসকলে মহিলাগৰাকীৰ ওপৰত যথেষ্ট চাপ দিয়াত মহিলাগৰাকীয়ে তেওঁলোকৰ আঠমহীয়া পুত্ৰ সন্তানটো বিক্ৰী কৰিছে আৰু এহাল দম্পতীয়ে শিশুটোক ক্ৰয় কৰিছে বুলি স্বীকাৰ কৰে।আৰক্ষীয়ে এতিয়া বিক্ৰী কৰি দিয়া শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।

You May Also Like

More From Author