শিৱসাগৰত এদিনৰ বাবে উপায়ুক্তৰ আসনত বহিল এজন ছাত্ৰ

1 min read

শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়। এই অতি সাধাৰণ ছাত্ৰ গৰাকীয়েই আজি এদিনৰ বাবে বহিল শিৱসাগৰ জিলাৰ অতি সন্মানীয় তথা জিলাখনৰ মুৰব্বী উপায়ুক্তৰ আসনত। অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত ছাত্ৰ গৰাকীক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ছাত্ৰ- ছাত্ৰী সকলৰ ভৱিষ্যত কৰ্মজীৱনৰ পৰামৰ্শ সন্দৰ্ভত আৰোহণ ব্যক্তি আৰু পৰামৰ্শদাতাসকলৰ পৰামৰ্শৰ ভিত্তিত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে এই সিদ্ধান্ত লোৱা হৈছিল বুলি আজি প্ৰকাশ কৰে।উল্লেখ্য যে, বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়ক জিলাখনৰ ১৫০ বিদ্যালয়ৰ মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এই বিশেষ দ্বায়িত্বৰ বাবে নিৰ্বাচন কৰা হৈছিল।ইফালে সকলো জল্পনা – কল্পনাৰ ওৰ পেলাই আজি এই গৰাকী ছাত্ৰ তথা এদিনৰ উপায়ুক্ত গৰাকীয়ে চৰকাৰী বাহনেৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহিল।সংগ দিলে দিলে শিৱসাগৰৰ বৰ্তমানৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে।গাড়ীৰ পৰা নমাৰ পাছতে ছাত্ৰ উপায়ুক্ত ভাগ্যদ্বীপে ভাৰপ্ৰাপ্ত উপায়ুক্তৰ পৰা জিলা খনৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ ললে।ইয়াৰ পাছতে তেওঁ জিলা খনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী সকলৰ লগত জিলা খনৰ উন্নয়ন সন্দৰ্ভত এক সভাত অংশগ্ৰহণ কৰে।লক্ষণীয় ভাৱে এদিনীয়া ছাত্ৰ উপায়ুক্ত ভাগ্যদ্বীপে এই সভা উপায়ুক্তৰ আসনত বহি পৰিচালনা কৰিলে।আনহাতে শিশু উপায়ুক্ত ভাগ্যদ্বীপে এই সভাতে তেওঁ নিজৰ বিদ্যালয়ৰ অভাৱ অভিযোগ, নিজৰ গাঁও খনৰ বাট পথৰ সমস্যা,চাহ জনগোষ্ঠীৰ লোক সকলৰ বিভিন্ন সমস্যা সমূহৰ লগতে আন ভালেমান গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰে।

স্মৰ্তব্য যে শিৱসাগৰ জিলাৰ বকতা দেউৰীটিং চাহ বাগিচাৰ এজন শ্ৰমিক পোনা ৰাজগড়ৰ পুত্ৰ ভাগ্যদ্বীপ ৰাজগড় শিৱসাগৰ জিলাত এদিনৰ উপায়ুক্ত হ’বলৈ পাই উৎসাহিত হোৱা বুলি সাংবাদিকক জনোৱাৰ লগতে তেওঁ এই সুযোগ দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই।

You May Also Like

More From Author