যৌনশক্তি বৃদ্ধি কৰে ঢেকীয়া শাকে; আৰু কি কি আছে উপকাৰিতা…

1 min read

ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে।

ঢেকীয়াত থাকে প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদি।

আহক জানো ঢেকীয়া শাকৰ উপকাৰিতা-
১. লিভাৰৰ অসুখ নিৰাময় কৰে।

২. জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগ নিৰাময় কৰে।

৩. ঢেকীয়াত থকা কেলচিয়াম, ফচফৰাছ হাড়ৰ গঠনৰ বাবে উপকাৰী।

৪. ঢেকীয়াৰ বাতনাশক গুণ আছে।

৫. মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী। প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।

৬. বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।

৭. ঢেকীয়া ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

৮. ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনশক্তি বৃদ্ধি কৰে।

৯. ঢেকীয়া মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

১০. ফিটা পেলু নাশ কৰে ঢেকীয়াই।

১১. ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷

১২. কোষ্ঠকাঠিন্য দূৰ কৰে।

১৩. ঢেকীয়াত থকা ভিটামিন এয়ে দৃষ্টিশক্তিৰ উন্নতি কৰে।

১৪. ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

১৫. ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণ আছে।

১৬. ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয় ৷ উশাহ লোৱাৰ কষ্ট দূৰ হয় ৷

You May Also Like

More From Author