বন্ধ হৈ গ’ল বিশ্বৰ আটাইতকৈ পুৰণি বাতৰি কাকতখন!

1 min read

শুকুৰবাৰে বন্ধ হৈ পৰে বিশ্বৰ আটাইতকৈ পুৰণি কাকতখন।
১৭০৩ চনৰ ৮ আগষ্টত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত প্ৰথম প্ৰকাশ হয় উইনাৰ জাইটুং। উদ্দেশ্য আছিল সাধাৰণ ভাষাত বাতৰি প্ৰেৰণ কৰা। ৩২০ বছৰৰ পাছত শুকুৰবাৰে (৩০ জুন) এই কাকতখনৰ শেহতীয়া সংস্কৰণ প্ৰকাশ পালে। এতিয়াৰে পৰা আৰু এই কাকতখন ছপা নহ’ব। মূলতঃ আৰ্থিক সমস্যাৰ বাবে পুৰণি কাকতখনৰ ছপা বন্ধ হৈ গ’ল।
কাকতখনে উইনাৰ জাইটুং কাকতৰ শেহতীয়া সংস্কৰণৰ প্ৰথম পৃষ্ঠাত তেওঁলোকৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰিছিল। প্ৰথম পৃষ্ঠাত লিখা আছে, “১,১৬,৮৪০ দিন, ৩,৮৩৯ মাহ, ৩২০ বছৰ, ১২ জন ৰাষ্ট্ৰপতি, ১০ জন কাইজাৰ, ২ খন গণৰাজ্য, ১ টা বাতৰি কাকত।”
অৰ্থাৎ ১,১৬,৮৪০ দিন বা ৩,৮৩৯ মাহ বা ৩২০ বছৰ, ২খন গণৰাজ্যৰ অধীনত আৰু ১২ জন ৰাষ্ট্ৰপতি আৰু ১০ জন কাইজাৰৰ সময়ত প্ৰকাশ পাইছিল কাকতখন। প্ৰথমতে অৱশ্যে ইয়াৰ নাম আছিল উইনেৰিশেছ ডায়েৰিয়াম (Winerishes Diarium)। পিছলৈ নামটো সলনি কৰা হয়।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি, সাংস্কৃতিক আৰু ব্যৱসায়িক বাতৰি, বিভিন্ন বাতৰি বিষয়ক বিস্তৃত প্ৰবন্ধ প্ৰকাশৰ বাবে কাকতখনে সুনাম অৰ্জন কৰিছিল।

You May Also Like

More From Author