অনলাইনত কাম কৰিলে চকু ভালে ৰখাৰ বাবে এইখিনি কৰক

1 min read

চকুৰ দৃষ্টি শক্তি বিভিন্ন কাৰণত হ্ৰাস পাব পাৰে৷ সময়মতে চকুৰ যতন নল’লে কেতিয়াবা একেবাৰে দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰো আশংকা থাকে৷ বিভিন্ন ৰোগ যেনে চকুত ছানি পৰা, ডায়েবেটিছ, গ্ল’ক’মা আদিৰ বাবে চকুৰ দৃষ্টি শক্তি সাধাৰণতে হ্ৰাস পায়৷ আনহাতে বৰ্তমান সময়ত অনলাইনযোগে বিভিন্ন কাম কৰিব লগা হয়৷ দীৰ্ঘসময় ধৰি এইদৰে অনলাইনত ব্যস্ত হৈ থকাৰ ফলত চকুৰ যথেষ্ট ক্ষতি হয়৷ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত সকলৰ বেছিভাগেই যাৱতীয় কাম-কাজ কম্পিউটাৰ-লেপটপ আদিৰ জৰিয়তে সম্পন্ন কৰিব লগা হয়৷ বহুসময় ধৰি অনলাইনত কাম কৰাৰ ফলত চকুত হেঁচা পৰে আৰু কেতিয়াবা ইয়াৰ পৰা  গৈ দৃষ্টি শক্তিটো ব্যাঘাত জন্মে৷ সেয়েহে দৃষ্টি শক্তি অটুট ৰখাৰ বাবে বিশেষ কেইটামান দিশৰ প্ৰতি সজাগ হৈ থাকিব লাগে৷

১) চকুৰ জিৰণিঃ চকু বিশেষজ্ঞৰ মতে ২০ মিনিটমান সময় একেৰাহে কম্পিউটাৰত কাম কৰাৰ পাছত কমেও ২০ ছেকেণ্ডমানৰ বাবে চকুযুৰিক জিৰণি দিব লাগে৷

২) ব্লুকাট লেন্স অথবা ছানগ্লাছৰ ব্যৱহাৰঃ পঢ়া-শুনা বা বৃত্তিগত প্ৰয়োজনত বহুসময় কম্পিউটাৰ, লেপটপত ব্যস্ত হ’বলগা সকলে ব্লুকাট লেন্স বা ছান গ্লাছ ব্যৱহাৰ কৰিলে চকুযুৰিৰ ক্ষতিৰ আশংকা কমে৷ ছানগ্লাছ  ক্ৰয় কৰাৰ সময়ত ৯৯১ পৰা ১০০ শতাংশ অতি বেগুণীয়া ৰশ্মি প্ৰতিৰোধ কৰিব পৰা গ্লাছহে ব্যৱহাৰ কৰিব লাগে৷

৩) স্বাস্থ্যকৰ খাদ্যভাসঃ চকুৰ দৃষ্টিশক্তি অটুট ৰখাৰ বাবে সেউজীয়া শাক-পাচলিৰ লগতে ফলমূল নিয়মীয়াকৈ খোৱাটো প্ৰয়োজন৷ গাজৰ, পালেং শাকে দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে৷ একেদৰে অমেগা-৩ ফেটি এচিড সমৃদ্ধ মাছ নিয়মীয়াকৈ খোৱাটো প্ৰয়োজন৷

৪) শৰীৰ চৰ্চাঃ নিয়মীয়াকৈ শৰীৰ চৰ্চাৰ অভ্যাস গঢ়ি তুলিলে ডায়েবেটিছ, উচ্ছ ৰক্তচাপ বা অন্য ধৰণৰ ৰোগৰ পৰা হাতসাৰি থাকিব পাৰি৷ কেতিয়াবা ডায়েবেটিছজনিত ৰোগৰ পৰাই চকুৰ দৃষ্টি শক্তি হ্ৰাস পোৱাৰ আশংকা থাকে৷ সেই বাবে নিয়মীয়াকৈ খোজ কঢ়া, চাইকেল চলোৱা, আসন আদি কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সৰাৰ উপৰি দৃষ্টি শক্তি অটুট ৰখাটো প্ৰচুৰ পৰিমাণে সহায় কৰে৷ তদুপৰি বহু সময় ধৰি  কম্পিউটাৰ আদিত কাম কৰি থাকিলে চকুযুৰি পৰিষ্কাৰ ঠাণ্ডা পানীৰে ধোৱাৰ অভ্যাস কৰিব লাগে৷ চকুক সময়মতে জিৰণি নিদিলে সময়ত গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা থাকে৷

You May Also Like

More From Author