ঘামৰ দুৰ্গন্ধই আমনি কৰিছে নেকি?

1 min read

গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত প্ৰায়ে কাষলতিৰ পৰা দুৰ্গন্ধ ওলাবলৈ আহিব ধৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ডিঅ’ড্ৰেণ্ট (Deodorant) বা পাৰফিউম ব্যৱহাৰ কৰোঁ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ স্থায়ী সমাধান কৰিব লাগে। আহক জানো কাষলতিৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ নিশা কি লগাই শুব লাগে।

ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈ ৫টা ঘৰুৱা প্ৰতিকাৰ
গ্ৰীষ্মকালত শৰীৰৰ তাপমাত্ৰা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ সেয়েহে শৰীৰৰ ছিদ্ৰৰ পৰা ঘাম ওলাই আহে। যেতিয়া এই ঘামে কাষলতিত থকা বেক্টেৰিয়াৰ সৈতে মিহলি হয়, ই দুৰ্গন্ধৰ কাৰণ হৈ পৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি এই কেইটামান কাৰ্যকৰী পৰামৰ্শ গ্ৰহণ কৰা উচিত।

১. বিলাহীৰ ৰস (Tomato Juice)
কাষলতিৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে আপুনি বিলাহীটোক ব্লেণ্ড কৰি তাৰ ৰস উলিয়াই লওক আৰু এতিয়া তাৰ লগতে নেমুৰ ৰস মিলাওক। তাৰ পিছত কাষলতিত মালিচ কৰক আৰু কিছু সময়ৰ পিছত ধুই দিয়ক।

২. আলু (Potato)
আলুৰ ব্যৱহাৰে ঘামৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি। আপুনি এটা আলু লওক আৰু ইয়াৰ বাকলি গুচাই তাক ভালদৰে কাটি লওক। এতিয়া এই টুকুৰাবোৰ এটা এটাকৈ কাষলতিত ঘঁহি দিয়ক আৰু ইয়াৰ পিছত আধা ঘণ্টাৰ পিছত পানীৰে ধুই দিয়ক।

৩. নেমু আৰু চডা (Lemon And Soda)
নেমু আৰু বেকিং চডাই (Lemon and Baking Soda) কেৱল ঘামৰ দুৰ্গন্ধই আঁতৰ নকৰে, লগতে ইয়াৰ দ্বাৰা কাষলতিৰ ক’লা ৰঙো আঁতৰ হয়। আপুনি ১ চামুচ নেমুৰ ৰস আৰু ২ চামুচ বেকিং চডা মিহলি কৰি লওক আৰু কাষলতিত ঘঁহি দিয়ক। এই কথাটো মনত ৰাখিব যে Shaving কৰাৰ লগে লগে এই উপায়টো অৱলম্বন নকৰিব নহ’লে ছালত জ্বলা-পোৰা হ’ব পাৰে।

৪. এপল ভিনেগাৰ (Apple Cider Vinegar)
কাষলতিৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আপুনি এপল ভিনেগাৰ (Apple Cider Vinegar)ৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে এটা চাফা স্প্ৰে বটলত ১ কাপ এপল ভিনেগাৰ আৰু আধা কাপ পানী ভালদৰে মিহলি কৰি বটলত ষ্টোৰ কৰি লওক। এতিয়া এই মিশ্ৰণটো নিশা গা ধোৱাৰ পিছত শুকান কাষলতিত স্প্ৰে কৰক। পাছদিনা পুৱা কাষলতি চাফা কৰি লওক।

৫. ক’লা নিমখ (Rock Salt)
ক’লা নিমখ দুৰ্গন্ধ আঁতৰাবলৈ এক কাৰ্যকৰী উপায় বুলি গণ্য কৰা হয়। গা ধোৱাৰ সময়ত বাল্টিত ক’লা নিমখ মিহলি কৰি লওক আৰু এই পানীৰে গোটেই শৰীৰটো ধুৱক। যদি আপোনাৰ অত্যাধিক ঘাম ওলায়, তেন্তে সমস্যাটো এই উপায়েৰে আঁতৰি যাব পাৰে।

You May Also Like

More From Author