অসম জাতীয় পৰিষদৰ সকলো পদ ত্যাগ দুলু আহমেদৰ

0 min read

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ দুলু আহমেদৰ। অসম জাতীয় পৰিষদৰ সকলো পদ ত্যাগ দুলু আহমেদৰ। জাতীয় পৰিষদৰ উপ সভাপতি আছিল দুলু আহমেদ। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পদৰ পৰাও পদত্যাগ কৰিছে দুলু আহমেদে। অৱশ্যে সাধাৰণ সদস্য পদ ত্যাগ কৰা নাই এতিয়াও। অজাপৰ ধুবুৰী জিলাৰ তত্বাৱধায়ক আছিল দুলু আহমেদ।

অসম জাতীয় পৰিষদৰ সভাপতি তথা সম্পাদকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দুলু আহমেদে এই কথা স্পষ্ট কৰে। দুলু আহমেদে পদত্যাগ পত্ৰত সভাপতি তথা সম্পাদকক সম্বোধন কৰি এইদৰে উল্লেখ কৰে, “মই জিলাৰ জ্যেষ্ঠ আৰু কণিষ্ঠ নেতা কর্মীসকলৰ অজ্ঞাতে কামৰূপ জিলাত কিছু কার্যসূচীত আপোনাৰ অংশ গ্ৰহণ কৰা কাৰ্যক লৈ কামৰূপ জিলাৰ তৃণমূল কর্মীসকল জাঙুৰ খাই উঠিছে আৰু কৰ্মী সকলৰ মাজত এক বিতৰ্কৰ সৃষ্টি হৈছে। যিহেতু কামৰূপ জিলাত আপোনাৰ এই ধৰণৰ উপস্থিতিৰ বিষয়ে মইও অৱগত নহয় সেই বাবে মইও কর্মীসকলৰ জবাবদিহি হৈছোঁ যাৰ বাবে মই দলৰ উপ সভাপতি, কেন্দ্রীয় কার্য নির্বাহক সদস্য পদৰ লগতে ধুবুৰী জিলাৰ তত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলোঁ।”

You May Also Like

More From Author