সাধাৰণ শব্দতে টোপনি ভাগে? সাৱধান, গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে..

1 min read

শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ঠিকমতে নহ’লে ওজন বাঢ়ে, হতাশা আহে৷ লগতে দিনটোত মন-মেজাজ ভালে নাথাকে৷ নিতৌ টোপনি ক্ষতি হ’লে শৰীৰত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে দিনত অন্ততঃ ৭-৮ ঘণ্টা শোৱাটো জৰুৰী৷ পিছে কিছুমানৰ টোপনিৰ সমস্যা থাকে৷ টোপনি কম হ’লে অনিদ্ৰা, শ্লীপ এপ’নীয়া, ৰাতি সঘনাই প্ৰস্ৰাৱ লগা, নাকৰ শব্দ আৰু টোপনিতে খোজকঢ়া আদিৰ দৰে সমস্যা বাঢ়ে৷ শ্লীপ ফাউণ্ডেছন নামৰ এটা সংস্থাৰ মতে যিসকলৰ টোপনি পাতল, তেওঁলোক যিমানেই গভীৰ টোপনিত নাথাকক কিয়, সাধাৰণ শব্দতেই সাৰ পাই উঠে৷ টোপনি কম হোৱা লোকৰ বিৰক্তিভাৱ আনতকৈ বেছি হয়৷ আনহাতে হঠাতে টোপনি ভাগিলে পিছত আৰু টোপনি নহয়৷ ফলত সমগ্ৰ দিনটো অস্বস্তিকৰ হৈ পৰে৷ টোপনিৰ এনেধৰণৰ সমস্যাই বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বঢ়ায়৷ উল্লেখ কৰা হ’ল টোপনি কম হ’লে হ’ব পৰা ৰোগসমূহৰ আশংকা–

[১] ডায়েবেটিছঃ টোপনি কম হ’লে ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ডায়েবেটিছ হ’লে বাৰে বাৰে টোপনি ভাগে৷ চিকিৎসকৰ মতে দৈনিক সাতঘণ্টাতকৈ কম টোপনি হ’লে দেহত ইনছুলিন প্ৰতিৰোধ ক্ষমতা কমিবলৈ ধৰে৷ ফলত ভোক আৰু পিয়াহ বাঢ়ে৷ এনেকুৱা হ’লে ৰক্ত সৰবৰাহ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়৷ সেয়ে ডায়েবেটিছ ৰোগীক বেছিকৈ শুবলৈ পৰামৰ্শ দিয়া হয়৷

[২] হৃদৰোগঃ টোপনি কম হ’লে কলেষ্টেৰল আৰু ৰক্তচাপ বৃদ্ধি পায়৷ ফলত হৃদৰোগৰ আশংকা বাঢ়ে৷

[৩] ওবেচিটিঃ কম টোপনিয়ে দেহত হৰমনৰ ভাৰসাম্যতা নষ্ট কৰে৷ শৰীৰত হৰমনৰ ভাৰসাম্যৰ সমস্যা হ’লে ভোক বাঢ়ে৷ ফলত যেতিয়াই তেতিয়াই কিবা নহয় কিবা এটা খাবলৈ মন যায়৷ পেটটো ভৰা থাকিলেও ভোক লগা যেন অনুভৱ হয়৷ তদুপৰি হৰমনৰ তাৰতম্য হ’লে একাধিক ৰোগত আক্ৰান্ত হোৱাৰো আশংকা থাকে৷

You May Also Like

More From Author