পাণত থকা উপকাৰী গুণসমূহ

1 min read

পাণ খাই প্ৰায়ভাগ লোকেই ভাল পায়৷ পাণত বিভিন্ন উপকাৰী গুণ থাকে৷ পিছে পাণৰ সৈতে জৰ্দা খালে ইয়াৰ উপকাৰিতা নাইকিয়া হয়৷ বৰঞ্চ জৰ্দাযুক্ত পাণে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ আনকি কৰ্কটৰ দৰে গুৰুতৰ ৰোগো হ’ব পাৰে পাণৰ সৈতে জৰ্দা খালে৷ সেয়ে জ্যেষ্ঠসকলে সদায় পাণ খোৱা দেখিলে বাধা আৰোপ কৰে৷ আচলতে পাণত টেনিন, প্ৰোপেইন, আলকালয়েড আদি উপদান থাকে৷ এইবোৰ উপাদানে স্বাস্থ্যৰ উপকাৰ কৰে৷ বিশেষকৈ প্ৰদাহ বা বিষৰ সমস্যা হ্ৰাস কৰাত এই উপাদানসমূহে কাম কৰে৷ পাণৰ আন কিছুমান উপকাৰী গুণো আছে৷ উল্লেখ কৰা হ’ল এনে কিছুমান গুণ–

⬛ পেট ভালে ৰাখেঃ পাণ চোবাই খালে উপকাৰ পোৱা যায়৷ বিশেষকৈ পেটৰ সমস্যা দূৰ হয় আৰু হজম শক্তি বাঢ়ে৷ পাণে কোষ্ঠ-কাঠিন্য আৰু এচিডিটিৰ সমস্যা নাইকিয়া কৰে৷ আনকি আলছাৰ দূৰ কৰাৰ ক্ষেত্ৰতো পাণ কাৰ্যকৰী৷

⬛ প্ৰদাহ আঁতৰায়ঃ বহুতৰে দাঁতৰ মাৰিৰ সমস্যা থাকে৷ এনে সমস্যাৰ পৰা সকাহ পাবলৈ দৰৱ খাবলগীয়া হয়৷ কিন্তু বজাৰৰ পৰা কিনি অনা দৰৱৰ সলনি যদি পাণ চোবাই খাব পৰা যায়, তেনেহ’লে মাৰিৰ সমস্যা বহুখিনি হ্ৰাস পায়৷ সেয়ে দাঁতৰ মাৰিৰ সমস্যা থাকিলে পাণ চোবাই খোৱা কৰক৷

⬛ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰেঃ বিভিন্ন গৱেষণাত দেখা গৈছে পাণ পাত নিয়মীয়াকৈ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে৷

⬛ দাঁতৰ বাবে উপকাৰীঃ বহু পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে পাণ চোবাই খালে দাঁত ভালে থাকে৷ আচলতে পাণত থকা বিশেষ গুণসমূহে দাঁতৰ ওপৰ স্তৰৰ পৰা ময়লা আৰু জীৱাণু দূৰ কৰে৷

⬛ কলেষ্টেৰ’ল নিয়ন্ত্ৰণত ৰাখেঃ পাণত ইউজেনল নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে যকৃত বা লিভাৰত কলেষ্টেৰ’ল জমা হোৱাত বাধা দিয়ে৷ ফলত কলেষ্টেৰ’ল নিয়ন্ত্ৰণত থাকে৷ তদুপৰি পাণে এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে৷

You May Also Like

More From Author