টোপনি নহয়? আম খালে সহায় হ’ব

0 min read

কিছুমান লোক আছে যিসকলৰ বহু চেষ্টাৰ  পাছতো টোপনি নাহে৷ ফলত এনে লোকসকলে টোপনিৰ ঔষধ খোৱা আৰম্ভ কৰে৷ পৰিণতিত এটা সময়ত টোপনিৰ ঔষধ হিতে বিপৰীত হয়৷ সেয়ে যদি আপোনাৰ টোপনি নহয়, তেন্তে ঔষধ খোৱা নকৰি পকা আম খাব পাৰে৷ পকা আমে টোপনি অহাত সহায় কৰে৷
সকলোৱে জানে যে আম গ্ৰীষ্মকালীন ফল৷ গৰমত এচকল পকা আম খাব পাৰিলে গা শীতল হৈ পৰে৷ ফলৰ ৰজা বুলি কোৱা আমত বিভিন্ন উপকাৰী গুণ থাকে৷ আমত থাকে প্ৰচুৰ পৰিমাণে ট্ৰিপ’টোফেন নামৰ এবিধ উপাদান, যিবিধে নিদ্ৰাকৰ্ষী ৰাসায়নিক হিচাপে কাম কৰে৷ তদুপৰি আমত থকা কাৰ্বহাইড্ৰেটছ, ফাইবাৰ, ভিটামিন আৰু বিভিন্ন খনিজ উপাদানে দেহত ইনছুলিনৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত মস্কিষ্কত ট্ৰিপ’টোফেনৰ পৰা প্ৰচুৰ  পৰিমাণে নিউৰ’ ট্ৰান্সমিটাৰ ছিন্থেচিছ হয়৷ ইয়াৰ ভিতৰত ছেৰ’টোনিন হৈছে অন্যতম৷ ছেৰ’টোনিনৰ প্ৰভাৱে মস্তিষ্কক শীতল আৰু শান্ত কৰি ৰাখে৷ ফলত লাহে লাহে শৰীৰ নিস্তেজ হ’বলৈ আৰম্ভ কৰে৷ এনেকুৱা হ’লে সোনকালে টোপনি আহে৷ জানি থোৱা ভাল যে আমত প্ৰচুৰ পৰিমাণে ট্ৰিপ’টোফেন নামৰ উপাদানবিধ থকাত পৰ্যাপ্ত পৰিমাণে ছেৰ’টোনিনৰ সৃষ্টি হয়৷ ছেৰ’টোনিন হৈছে টোপনি অনা একপ্ৰকাৰ নিউৰ’ট্ৰান্সমিটাৰ৷ আনহাতে ট্ৰিপ’টোফেনক মস্তিষ্কত প্ৰৱেশ কৰাত সহায় কৰে ইনছুলিনে৷ আমত থকা কাৰ্বহাইড্ৰেট অৰ্থাৎ গ্লুকজে ইনছুলিন নিঃসৰণৰ মাত্ৰা বঢ়ায়৷ সেইবাবে আম খালে সোনকালে টোপনি আহে৷ গতিকে যিসকলৰ বহু চেষ্টাৰ  পাছতো টোপনি নহয় তেওঁলোকে ঔষধৰ সলনি পকা আম খাব পাৰে৷ 

You May Also Like

More From Author